সাপক গাখীৰ খুৱাই পুহি ৰাখিছে পাকিস্তানে: ISI ৰ শীৰ্ষ পদত অধিষ্ঠিত সন্ত্ৰাসবাদী ছালাহুদ্দিন

Salahuddin_1-x829

সাপক গাখীৰ খুৱাই পোহপাল দি ভালপায় পাকিস্তানে।

সেয়ে ভাৰতকে ধৰি বিশ্বৰ বহু দেশে পাকিস্তানক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই অহাৰ পিছতো ইমৰাণ খান চৰকাৰৰ গা লৰা নাই।

সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ প্ৰসংগত দিনত এটা আৰু ৰাতি আন এটা কথা কোৱা পাকিস্তানে এইবাৰ সন্ত্ৰাসবাদীকে চোৰাংচোৱা সংস্থাৰ বৰ বিষয়া পাতিলে।

বিশ্বৰ ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী ছৈয়দ মহম্মদ ইউছুফ ছাহ ওৰফে ছৈয়দ ছালাহুদ্দিনক দেশখনে চোৰাংচোৱা সংস্থা ISI ৰ উচ্চ পদবীত অধিষ্ঠিত কৰিছে।

দুৰ্ধৰ্ষ ইছলামিক সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনৰ নেতা ছালাহুদ্দিনক ISI ৰ বিষয়া হিচাবে নিযুক্তি প্ৰদানৰ কথা উল্লেখ কৰি সংস্থাটোৰ সঞ্চালক ৱাজাহাত আলি খানে এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে।

নিৰ্দেশনা পত্ৰখনত কোৱা হৈছে যে ISI ৰ বিষয়া হিচাবে নিযুক্তিপ্ৰাপ্ত ছালাহুদ্দিনৰ টয়’টা লেণ্ড ক্ৰুজাৰ গাড়ীখন কোনো পহৰাচকীতে ৰখাব পৰা নাযাব।

ছালাহুদ্দিন হৈছে ইউনাইটেড জিহাদ কাউন্সিলৰো নেতা। যিটো সংগঠনৰ কাম কেৱল ধৰ্মৰ নামত সন্ত্ৰাসৰ সৃষ্টি কৰা।

আমেৰিকাকে ধৰি ৰাষ্ট্ৰসংঘয়ো এই জন সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পাকিস্তানক বাৰে বাৰে কৈ আহিছে যদিও পাকিস্তানে এই  বিষয়ত কোনো গুৰুত্ব দিয়া নাই।

সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়াৰ বাবেই আমেৰিকাই পাকিস্তানক দি অহা বহু সাহায্য বন্ধ কৰি দিছে।