আন এটা সীমা হায়দৰৰ দৰে কাণ্ড!ঘটনা অনুসৰি ছচিয়েল মিডিয়াত কথা পাতি যুৱকজনৰ সৈতে ভিডিঅ’ কলৰ জৰিয়তে দুয়ো বিবাহপাশত আবদ্ধ হয়। এগৰাকী ২৫ বছৰীয়া মহিলাই ৰাজস্থানৰ যুৱকজনৰ বাবে পাকিস্তানৰ পৰা এই দেশলৈ আহিবলৈ বাধ্য হয়৷
ছোৱালীজনীৰ নাম মেহবীশ। তেওঁ পাকিস্তানৰ ইছলামাবাদৰ বাসিন্দা। ২০১৮ চনত তেওঁৰ বিবাহ বিচ্ছেদ হয়। ইয়াৰ পাছতে ৰাজস্থানৰ বিকানেৰ জিলাত ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰহমানক লগ পায় মেহবীশে। ৰহমানে কুৱেইটত পৰিবহণ ব্যৱসায় চলাই আছে। ২০২২ চনৰ ১৩ মাৰ্চত ছ’চিয়েল মিডিয়াত কথা পাতি মেহবীশে ৰহমানৰ বিবাহৰ প্ৰস্তাৱ দিছিল। তিনিদিন পিোছত ভিডিঅ’ কলৰ জৰিয়তে দুয়োৰে বিবাহ হয়। ২০২৩ চনত মেহবীশ মক্কালৈ গৈছিল। তাৰ পিছত দুয়োৰে আনুষ্ঠানিকভাৱে বিয়া হৈছিল।
ইয়াৰ পূৰ্বে মেহৱীশে লাহোৰৰ বাদামীবাগৰ এজন লোকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ বিবাহ ১২ বছৰ ধৰি চলিছিল। ২০১৮ চনত বিবাহ বিচ্ছেদ। মেহৱীশৰো দুটা পুত্ৰ আছে। এজনৰ বয়স ১২ বছৰ। এজনৰ বয়স সাত বছৰ।
ইছলামবাগৰ পৰা লাহোৰলৈ গৈছিল মেহৱীশ ৰহমানক লগ কৰিবলৈ। ২৫ জুলাইত তেওঁ ৱাগা সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে। তাৰ আগতে দুয়োখন দেশৰ প্ৰশাসনে তেওঁৰ নথি-পত্ৰ পৰীক্ষা কৰিছিল। মেহবীশক ৪৫ দিন ভাৰতত থাকিবলৈ ভিছা দিয়া হৈছিল। ৰহমানৰ পৰিয়ালে তেওঁক আদৰণি জনায়। মেহবীশ তেওঁলোকৰ লগত ৰাজস্থানৰ চুৰুৰ পিঠিছাৰ গাঁৱলৈ যায়৷