পুলৱামাৰ আক্ৰমণ ইমৰাণ খানৰ নেতৃত্বত এক প্ৰাপ্তি : পাকিস্তানী মন্ত্ৰী ফাৱাড আলম চৌধুৰী

ফাইল ফটো

পাকিস্তানৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ফাৱাড আলম চৌধুৰীয়ে পাকিস্তানৰ ৰাষ্ট্ৰীয় সদনত পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণক ইমৰাণ খানৰ নেতৃত্বৰ সফলতা বুলি অভিহিত কৰে।

‘‘প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ নেতৃত্বত পুলৱামা এক প্ৰাপ্তি,’’ সদনত এইদৰে কয় পাকিস্তানৰ মন্ত্ৰী ফাৱাড আলম চৌধুৰীয়ে।

‘‘আমি ভাৰতৰ ভিতৰত প্ৰৱেশ কৰি ভাৰতক আক্ৰমণ কৰিছো……..এয়া আমাৰ সকলোৰে বাবে এক প্ৰাপ্তি,’’ আলম চৌধুৰীয়ে লগতে কয়।

আনহাতে, পাকিস্তানী মন্ত্ৰী গৰাকীয়ে সদনত উপস্থিত থকা সকলোকে এই প্ৰাপ্তিৰ অংশীদ্বাৰ হিচাপেও অভিহিত কৰে।

পাকিস্তানী মন্ত্ৰী গৰাকীৰ সন্ত্ৰাসবাদী কাৰ্য্যকলাপৰ সমৰ্থনত মুকলিকৈ সদনৰ মজিয়াত কৰা মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ পথ, পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী জেনেৰেল(অৱসৰপ্ৰাপ্ত) ভি কে সিঙে।

ভি কে সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পাকিস্তানে পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ কথা স্বীকাৰ কৰিছে বুলি কোৱাৰ লগতে এফ এ টি এফত পাকিস্তানক ব্লেকলিষ্টেড কৰাৰ বাবে বিশ্বৰ দেশসমূহক আহ্বান জনায়।