NORTHEAST NOW (Assamese)

পাক-সন্ত্ৰাসবাদী আৰু তালিবান সেনাৰ বিৰুদ্ধে আফগান সীমান্তত পাকিস্তান সেনাৰ অভিযান

March 9, 2023 2:24 pm · এন ই নাও নিউজ, গুৱাহাটী

আফগানিস্তানৰ সীমান্তৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত পাকিস্তান সেনা আৰু সন্ত্ৰাসবাদ বিৰোধী বিভাগৰ যুটীয়া বাহিনীয়ে তেহৰিকতালিবান পাকিস্তান (টিটিপি) গোটৰ বিৰুদ্ধে নতুন অভিযান আৰম্ভ কৰিছে। উত্তৰ ৱাজিৰস্তান জিলাত দুই পক্ষৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ৬ জন টিটিপি বিদ্ৰোহী নিহত হোৱা বুলি পাকিস্তান সেনাই সদৰী কৰিছে।

পাকিস্তান সেনাৰ তথ্য অনুসৰি চোৰাংচোৱাৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই টিটিপিৰ বহু অস্ত্ৰশস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে যোৱা শুকুৰবাৰে উত্তৰ ৱাজিৰস্তানৰ মিৰ আলী অঞ্চলতো একেধৰণৰ অভিযান চলোৱা হৈছিল।

উল্লেখ্য যে পাকিস্তান চৰকাৰৰ সৈতে শান্তি আলোচনা বিফল হোৱাৰ পিছত নৱেম্বৰ মাহত টিটিপিয়ে ইছলামবাগৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। বিদ্ৰোহী গোটটোৱে অভিযোগ কৰে যে পাকিস্তানী সেনাই যুদ্ধবিৰতি ভংগ কৰি গোপন অভিযান আৰম্ভ কৰি খাইবাৰ পখতুনখোৱা প্ৰদেশত অশান্তিৰ সৃষ্টি কৰিছে।

ডিচেম্বৰ মাহত পাকিস্তান সেনাই বান্নু জিলাৰ টিটিপিৰ মূল ঘাটি দখল কৰিছিল। তেতিয়াৰ পৰাই দুয়োপক্ষৰ মাজত বিক্ষিপ্ত যুঁজ চলি আহিছে। আনকি, আফগানিস্তানৰ তালিবান বাহিনীৰ সৈতে সীমা সংঘাততো জড়িত হৈ আছে পাকিস্তান সেনা।

আমেৰিকাত ড্ৰ’ন আক্ৰমণত নিহত হোৱা দুধৰ্ষ সন্ত্ৰাসবাদী নেতা বৈতুল্লাহ মেহছুদে প্ৰতিষ্ঠা কৰা টিটিপি গোটটো সদায় পাকিস্তান চৰকাৰৰ বিৰোধী। ২০১৪ চনত পেছাৱৰৰ এখন বিদ্যালয়ত টিটিপিয়ে আক্ৰমণ চলাই শ শ ছাত্ৰছাত্ৰীক হত্যা কৰিছিল। ২০০৯ চনত পাকিস্তান সেনাই টিটিপিৰ বিৰুদ্ধে ‘অপাৰেচন ৰাহনিজাত’ চলাইছিল। পাকিস্তানৰ ইতিহাসত এতিয়ালৈকে হোৱা সন্ত্ৰাসবাদ বিৰোধীৰ ভিতৰত এই অভিযান আছিল সৰ্ববৃহৎ।

Related News