মোবাইলত PUBG গেম খেলি খেলিয়েই চিনাকি। তাৰ পৰা বন্ধুত্ব, শেষত প্ৰেম। সেই প্ৰেমৰ টানতে এগৰাকী ত্ৰিশ বছৰীয়া মহিলাই কোলাত চাৰিটা সন্তান লৈ পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছে।
উত্তৰ প্ৰদেশৰ নয়ডাত সংঘটিত হৈছে এই কাণ্ড। ঘটনা পোহৰলৈ অহাৰ লগে লগে নয়ডা আৰক্ষীয়ে তেওঁক আটক কৰে। পাক মহিলাগৰাকীৰ ভাৰতীয় প্ৰেমিককো আৰক্ষীয়ে আটক কৰিছে।
লগতে পঢ়ক: পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ তৃণমূলৰ প্ৰাৰ্থী ৰিপুন বৰা? নিৰ্বাচনক কেন্দ্ৰ কৰি তুংগত জল্পনা-কল্পনা
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰতত অনুপ্ৰৱেশ কৰা পাকিস্তানী মহিলাগৰাকীৰ নাম সীমা গুলাম হাইদৰ আৰু ভাৰতীয় প্ৰেমিকৰ নাম শচীন।
আৰক্ষীৰ সূত্ৰ অনুসৰি, ‘PUBG’ ৰ খেলি খেলিয়েই পাকিস্তানী সীমাৰ সৈতে চিনাকি শচীনৰ। তাৰ পৰাই তেওঁলোকৰ সম্পৰ্ক আৰু অধিক আগবঢ়াৰ পিছত সীমাই নিজৰ চাৰিটা সন্তানৰ সৈতে ভাৰতলৈ অহাৰ সিদ্ধান্ত লয়।
প্ৰথমতে সীমা পাকিস্তানৰ পৰা নেপাললৈ আহিছিল। যোৱা মাহত তেওঁ তাৰ পৰাই লুকাই চুৰকৈ ভাৰতত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছত বাছ এখনত উঠি নয়ডালৈ আহে।
সোমবাৰে আৰক্ষীয়ে লগতে জনোৱা মতে, শচীনে গ্ৰেটাৰ নয়ডাৰ ৰাবুপুৰা অঞ্চলত ভাড়াঘৰত থাকে। সীমাও চাৰিটা সন্তানৰ সৈতে তাতেই আহি উঠে। গোপন সূত্ৰৰ পৰা এই তথ্য লাভ কৰি আৰক্ষীয়ে শচীনৰ ভাড়াঘৰত অভিযান চলাই চাৰিটা সন্তানসহ সীমাক আটক কৰে।
লগতে পঢ়ক: গৰমত অস্বস্তি! ৰাস্তাৰ মাজতে গাড়ী ৰখাই অন্তৰ্বাস পিন্ধিয়েই নদীত জাপ দিলে পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে!
নয়ডা আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পাকিস্তানী মহিলাগৰাকী আৰু তেওঁৰ প্ৰেমিকক আটক কৰি ৰখা হৈছে। মহিলাগৰাকীৰ চাৰিটা সন্তানো আৰক্ষীৰ জিম্মাতে আছে। অভিযুক্তক জেৰা অব্যাহত ৰাখিছে। তদন্ত শেষ হোৱাৰ পিছত সবিশেষ জনোৱা হ’ব।