গাঞ্জা চকলেট বিক্ৰী কৰি গ্ৰেপ্তাৰ হ’ল পান দোকানী

fdac0f8d7ee23e7f4dff80d3cab53959

আবকাৰী বিভাগৰ জালত পৰিল এজন পান দোকানী। বিভাগটোলে চলোৱা  অভিযানত গাঞ্জা (মাৰিজুৱানা) চকলেট বিক্ৰী কৰা হায়দৰাবাদৰ এজন পান দোকানীক যোৱা সপ্তাহত ধৰা পেলায়।

হায়দৰাবাদৰ ফতেহ নগৰৰ এজন পান দোকানী জয়ন্ত প্ৰধান (৪১)ক আবকাৰী আৰক্ষীয়ে শনিবাৰে ২২৮টা গাঞ্জা ফ্লেভাৰ থকা চকলেটৰ সৈতে আটক কৰে।

আবকৰী পৰিদৰ্শক জীৱন কিৰনে কয় যে এক বিশেষ সূত্ৰৰ খৱৰৰ ভিত্তিত অভিযান চলাই তেওঁলোকে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। চহৰখনত দোকানীসমূহৰ এনেধৰণৰ সামগ্ৰী বিক্ৰী কৰাৰ অনুমতি নাই।

বিষয়াগৰাকীয়ে লগতে সদৰী কৰা মতে জেৰাত অভিযুক্তই সদৰী কৰিছে যে এই চকলেটবোৰ উৰিষ্যাৰ পৰা গাঞ্জা ক্ৰয় কৰা আকাশ দাস নামৰ লোক এজনে বনায় আৰু ফতেহ নগৰ আৰু ছনথ নগৰ পথৰ মাজত থকা পান দোকানীসমূহক বিক্ৰী কৰে।

গাঞ্জাসমূহ ইতিমধ্যে এক শুকান পাউডাৰলৈ পৰিৱৰ্তন কৰা হৈছে আৰু চকলেট পাউদাৰৰ সৈতে মিহলাই দিয়া হয়। গুড় আৰু আন পদাৰ্থৰ সৈতে ইয়াক লিকটিয়া কি দিয়া হয় আৰু ইয়াক চুহি খাব পাৰি। বিষয়াগৰাকীয়ে এইদৰে জানিবলৈ দিয়ে।

বিষয়াসকলে ৰাইজক তেওঁলোকৰ অঞ্চলত এনেধৰণৰ কোনো সন্দেহজনক কাৰ্যকলাপ দেখা পালে শীঘ্ৰেই জনাবলৈ অনুৰোধ কৰিছে।