পঞ্চায়ত নিৰ্বাচন : কৃষ্ণাইত প্ৰথমবাৰৰ বাবে বিজেপিয়ে দিছে সংখ্যালঘু প্ৰাৰ্থীক প্ৰাৰ্থিত্ব

Krishnai

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন থকা অৱস্থাত গোৱালপাৰাত ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ বাবে সকলো ৰাজনৈতিক দলে তীব্ৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।

জিলাখনৰ কৃষ্ণাই পঞ্চায়তৰ সভাপতি পদত এইবাৰ বিজেপিৰ পৰা ছাহাবুল হক, কংগ্ৰেছৰ পৰা শ্বহ আলম শ্বেখ, অগপৰ হৈ আইনুল হুছেইন আৰু শ্যামল মিত্ৰ আৰু ৰামিছ ৰাজাই নিৰ্দ্দলীয় হৈ প্ৰতিদণ্ডিতা আগবঢ়াইছে।

উল্লেখযোগ্য যে কৃষ্ণাইত এইবাৰ প্ৰথমবাৰৰ বাবে বিজেপি দলে সংখ্যালঘু প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিছে, দলটোৰ প্ৰাৰ্থী ছাহাবুল হুছেইনৰ সমৰ্থনত কৃষ্ণাই অঞ্চলত আজি বিভিন্ন জাতি-ধৰ্মীৰ লোকৰে এক বিশাল শোভাযাত্ৰা উলিয়াই ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিব ৷ ইফালে দলটোৰ হৈ  প্ৰাৰ্থীত্ব লাভৰ পৰা বঞ্চিত শ্যামল মিত্ৰও এক প্ৰকাৰ জেহাদ ঘোষণা কৰিছে।

ইয়াৰ সমানে সমানে কংগ্ৰেছ আৰু নিৰ্দ্দলীয় প্ৰাৰ্থী কেইগাৰাকীয়েও প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে কংগ্ৰেছ দলৰ একাংশ শীৰ্ষ নেতাৰ লগতে মানস বৰা আৰু ৰমেন বৰঠাকুৰে দুখনকৈ বিশাল সভাত আংশগ্ৰহণ কৰে।

আনহাতে, কৃষ্ণাইৰ কাষৰীয়া মানিকপুৰ-ভেলাখামাৰ গাঁও পঞ্চায়তটো নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে। পঞ্চায়তখনত কংগ্ৰেছ আৰু অগপৰ মাজতে হ’ব মুল যুজখন অনুষ্ঠিত হ’ব। সভানেত্ৰী পদত নাজিয়া হুছেইন (কংগ্ৰেছ), আঞ্জুৱাৰা বেগম (অগপ), আছমা বেগম আৰু জায়দা খাতুনে (নিৰ্দ্দলীয়) ক্ষমতা দখলৰ বাবে তীব্ৰ প্ৰচাৰ চলাই আছে।