পঞ্চায়ত নিৰ্বাচন : চৰকাৰী নীতি-নিৰ্দেশনাৰ সন্দৰ্ভত শিৱসাগৰত অতিৰিক্ত উপায়ুক্তৰ সংবাদমেল

IMG-20181203-WA0004

ফটো : নৰ্থ-ইষ্ট নাও

৫ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত হবলগীয়া পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীৰ নিৰ্বাচনী গতিবিধিৰ ওপৰত চোকা নজৰ ৰখাৰ লগতে নিৰাপত্তাৰ দিশটো সু নিশ্চিত কৰাৰ ক্ষেত্ৰত  কি কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত  আজি শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত মুন গগৈৰ কাৰ্য্যালয়ৰ সভাকক্ষত এখন সংবাদমেল অনুষ্ঠিত হয়।

জিলা তথ্য আৰু জনসংযোগ বিষয়া চৈয়দা হাচনা হানাই আঁত ধৰা সংবাদ মেলত পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনাৰ বিষয়ে অৱগত কৰে। পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ লগতে সংবাদ মাধ্যমেও নীতি-নিৰ্দেশনা সমূহ মানি চলিব লাগিব বুলি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে প্ৰকাশ কৰে।

নিৰ্দেশনা অনুযায়ী সংবাদ মাধ্যমে গোপনীয়তা ভংগ কৰিব নোৱাৰিব। ভোট গননা কক্ষৰ ভিতৰত ষ্টিল বা ভিডিঅ’ ফটোগ্ৰাফী কৰিব নোৱাৰিব। এনে কৰিলে গোপনীয়তা ভংগ কৰা বুলি বিবেচিত হ’ব। অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে লগতে কয়, ভোট গ্ৰহণ কেন্দ্ৰৰ পাৰ্শ্বৱৰ্তী এলেকাত কোনো ধৰণৰ ৰাগিয়াল দ্ৰব্য বিক্ৰী অথবা সেৱন নিষিদ্ধ কৰা হৈছে।

আনহাতে নিৰ্বাচনৰ নামত কোনো চৰকাৰী সম্পদতে দলীয় বেনাৰ-পোষ্টাৰ অথবা পতাকা লগাব নোৱাৰিব। কোনো ব্যক্তিগত পথ বা সম্পদত যদি বেনাৰ-পোষ্টাৰ ওলমোৱা বা অৰা হয় তেন্তে গৃহস্থৰ অনুমতি লৈহে কৰিব পাৰিব বুলি প্ৰকাশ কৰে। আনহাতে  এনে ধৰণৰ কিবা অভিযোগ থাকিলে পোনপতীয়াকৈ নিৰ্বাচনী পৰ্য্যবেক্ষক হিচাপে দায়িত্বত থকা ভাৰত ভূষণ দেৱ চৌধুৰী আৰু হেমন্ত পেগুক ৯৯৫৭০৬৮২৬৮ আৰু ৯৯৫৭০৬৮২৭৩ নম্বৰত  ফোন যোগে অভিযোগ দিব পাৰিব।

ইফালে ৰাইজৰ সুবিধাৰ বাবে নিৰ্বাচনী কন্ট্ৰল ৰুমৰ ০৩৭৭২ ২২৩৩৯৭/৮৪৭১৮৬৪৩৫৫ আৰু পুলিচ কন্ট্ৰল ৰুমৰ ০৩৭৭২ ২২২৮০১/৯৪৩৫৭২৯০১৪/ ৯৪৩৫৫০০৫৮৭ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া জগদীশ ব্ৰহ্মই জানিবলৈ দিয়ে।

সংবাদ মেলৰ শেষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই সাংবাদিকৰ সৈতে মতবিনিময় কৰে আৰু জিলাখনত যাতে শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈ যায় তাৰ বাবে সকলোৰে সহায়-সহযোগিতা বিচাৰে।