• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ভূতৰ মুখত ৰাম নাম : পঞ্চায়ত নিৰ্বাচন আৰু ৰাজনৈতিক দলৰ প্ৰচাৰ

জাতীয়তাবাদী ধাৰাৰ নেতাসকলৰ কি হ’ল? বিজেপিত গৈ জীণ গ’ল নে ক্ষমতাৰ স্বাৰ্থত নিজৰ ইতিহাসেই পাহৰিলে?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
December 6, 2018 3:45 pm
05-12-18 Nalbari - Himanta panchayat election, campaigning (2)

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মা। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাজ্যখনৰ ৰাজনৈতিক দলবোৰৰ নেতাসকলৰ ভাষণে জনসাধাৰণৰ মনত খেলিমেলি লগোৱাৰ লগতে আমোদো দিছে। এইক্ষেত্ৰত প্ৰধান ৰাজনৈতিক দলকেইটাৰ পঞ্চায়ত নিৰ্বাচনক লৈ যে তেওঁলোকৰ কোনো স্পষ্ট নীতি নিৰ্দ্ধাৰণ কৰা হোৱা নাছিল তাকো উদঙাই দিছে। অৱশ্যে, চমক সৃষ্টিৰ জৰিয়তে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ ক্ষেত্ৰত কোনেও ত্ৰুটি কৰা নাই। এইবাৰ পঞ্চায়ত নিৰ্বাচনতে যিধৰণে হেলিকপ্টাৰ উৰুওৱা হ’ল, অনুমান কৰা টান নহ’ব যে আগন্তুক লোকসভাৰ নিৰ্বাচনী প্ৰচাৰত যেন আকাশ চুৱাৰ প্ৰতিযোগিতা এখনহে চলিব। নিসন্দেহে তাত মাটি হেৰুওৱাৰ শংকাই স্থান নাপাব।

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত কংগ্ৰেছ দলে যিধৰণে প্ৰচাৰ চলাইছে তাত নতুনত্ব বুলিবলৈ একো নাই। চিৰাচৰিত প্ৰথাৰে প্ৰচাৰ চলাই কংগ্ৰেছে ভোটাৰক আকৰ্ষণ কৰিব বিচাৰিছে। মাথোঁ মাজতে অসম গণ পৰিষদৰ গাত বোকা লেটিয়াই ভোট বিভাজনৰ চেষ্টা এটা চলাই আছে। দলটোৰ নেতাসকলে চৰকাৰখনৰ ব্যৰ্থতাসমূহ ৰাইজৰ আগত উদঙাই দিয়াত বিফল হোৱা যেনহে দেখা গৈছে। পৰিৱৰ্তে প্ৰচাৰত কম গুৰুত্বৰ বিষয়বোৰেহে স্থান পাইছে। একেদৰে সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হোৱা এআইয়ুডিএফে পুৰণি ৰেকৰ্ডকে পুনৰ বজাইছে। তেওঁলোকৰ প্ৰচাৰতো “ভিতৰুৱা বুজাবুজি’ৰ ইংগিত পোৱা যায়।

এইবাৰ নিৰ্বাচনী প্ৰচাৰত অগপই তেওঁলোকৰ সম্ভাৱনাৰ সুযোগ হেৰুৱাইছে।কংগ্ৰেছৰ পৰিকল্পিত আক্ৰমণৰ বিপৰীতে চৰকাৰৰ মিত্ৰদল বিজেপিৰ অনাকাংখিত আক্ৰমণে দলটোক বিপাঙত পেলাইছে। কিন্তু অগপ নেতাসকলৰ দুৰ্বলতা আৰু পৰিস্থিতি অধ্যয়নৰ ব্যৰ্থতাই দলটোক কিছু বেকফুটলৈ ঠেলি দিছে। এপিনে চৰকাৰত বিজেপিৰ সৈতে মিত্ৰতা অটুট ৰখা আৰু আনপিনে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰা অগপই দুয়োকূল ৰক্ষা কৰিবলৈ গৈ জনসাধাৰণক স্পষ্ট বাৰ্তা দিয়াত ব্যৰ্থ হৈছে।

এইবাৰ নিৰ্বাচনী প্ৰচাৰত আটাইতকৈ আমোদজনক ভূমিকাত অৱতীৰ্ণ হৈছে বিজেপি। পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ প্ৰধান লক্ষ্য হৈ পৰিছে অগপ।সন্দেহ নাই, বিজেপিৰ উত্থানৰ বাবে অগপৰ ধ্বংস অপৰিহাৰ্য। সেয়ে, দলটোৱে এই মুহূৰ্তত কংগ্ৰেছতকৈয়ো অগপকহে অধিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে। বিজেপিৰ নীতি নিৰ্দ্ধাৰকসকলে ধৰি লৈছে যে অগপৰ সম্ভাৱ্য উত্থানে অসমত বিজেপিৰ বাট ৰুদ্ধ কৰি তুলিব। অগপক ধ্বংস কৰি অগপৰ সমৰ্থন ভিত্তি কুক্ষিগত কৰিব পাৰিলেই বিজেপিৰ বাবে ক্ষমতাৰ পথ প্ৰশস্ত হ’ব। দুৰ্ভাগ্যজনকভাৱে, অগপৰ নেতাসকলে বিজেপিৰ এনে নীতিৰ আগত নেজ পেলাইছে।হয়তো একাংশ নেতাৰ ক্ষমতাৰ স্বাৰ্থতে এনে আত্মঘাতী ভূমিকাত অৱতীৰ্ণ হৈছে দলটো।

আনহাতে, “পৰৰ পিঠাৰে বিহু পতা’ বিজেপি দলটো অসমত কংগ্ৰেছ আৰু অগপৰ ‘ক্লনে’ৰে গঠিত হোৱালৈ চাই দলটোৰ ভৱিষ্যতো নিৰ্ভৰ কৰিছে সেইসকল প্ৰব্ৰজনকাৰী নেতাৰ স্বাৰ্থ সুৰক্ষিত ৰখাৰ ওপৰত। বিজেপিত দুটা ধাৰাৰ নেতাৰ দপদপনি চলি আছে।এটা হ’ল অসমীয়া জাতীয়তাবাদী ধাৰাৰ নেতাসকলৰ আৰু আনটো হৈছে কংগ্ৰেছী সংস্কৃতিৰে পুষ্ট নেতাসকলৰ। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, চন্দ্ৰ মোহন পাটোৱাৰী, অতুল বৰা (জ্যেষ্ঠ), তপন গগৈকে ধৰি জাতীয়তাবাদী ধাৰাৰ নেতাসকলৰ বিপৰীতে আছে হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা,পল্লৱ লোচন আদি কংগ্ৰেছী ধাৰাৰ নেতাসকল।

উক্ত দুয়োটা ধাৰাৰ নেতাসকলে উমৈহতীয়াভাৱে এই পঞ্চায়ত নিৰ্বাচনত অগপক সমালোচনা কৰিছে।কংগ্ৰেছী ধাৰাৰ নেতাসকলে অগপক আক্ৰমণ কৰাত আচৰিত হ’বলগীয়া একো নাই। কিয়নো অগপৰ বিৰোধিতা কৰাটো তেওঁলোকৰ স্বাভাৱিক ধৰ্মৰ ভিতৰতে পৰে। এনেয়েও তেওঁলোকে এয়া আগতেই আৰম্ভ কৰিলেহেঁতেন, কিন্তু দলৰ মজিয়াত নতুন হৈ অহাৰ বাবে কিছু অপেক্ষা কৰিবলগীয়া হ’ল। পিচে, জাতীয়তাবাদী ধাৰাৰ নেতাসকলৰ কি হ’ল? বিজেপিত গৈ জীণ গ’ল নে ক্ষমতাৰ স্বাৰ্থত নিজৰ ইতিহাসেই পাহৰিলে? এইসকল নেতাই অগপক সমালোচনা কৰাটো আশ্চৰ্যজনক তথা দৃষ্টিকটু হৈ ধৰা দিছে।

জাতীয়তাবাদী ধাৰাৰ নেতা সৰ্বানন্দ সোণোৱাল আৰু কংগ্ৰেছী ধাৰাৰ নেতা হিমন্ত বিশ্ব শৰ্মাই আঞ্চলিকতাবাদী অগপক সমালোচনা কৰি অসমত যি ৰাষ্ট্ৰীয়তাবাদৰ ধ্বজা উৰুওৱাৰ চেষ্টা চলাইছে তাত অসমীয়াৰ জাতি মাটি ভেটিৰ শ্ল’গান নিৰৰ্থক। ই মাথোঁ প্ৰতাৰণাৰ এক আকৰ্ষণীয় টোপ। নিজৰ শক্তিৰে বলীয়ান হৈ বিজেপিয়ে ক্ষমতা লাভৰ বাবে যিধৰণে প্ৰব্ৰজনকাৰী নেতাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে সেয়া সঁচাকৈয়ে পুতৌজনক।

ক’বলৈ গ’লে এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত কোনে কাৰ বিপৰীতে মন্তব্য কৰিছে সেইটো এক সাঁথৰলৈ পৰিণত হৈছে। এনে ভাবিব নোৱাৰা পৰিৱৰ্তনলৈ চাই এটা কথা লক্ষ্য কৰা যায় যে এতিয়া যেন ভূতৰ মুখত ৰাম নামহে শুনিব পোৱা গৈছে।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd