পঞ্চায়নত নিৰ্বাচন : কামৰূপ (মেট্ৰ’) প্ৰশাসনৰ ড্ৰাই ডে’ ঘোষণা

ড্ৰাই ডে'

আগন্তুক পঞ্চায়ত নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে কামৰূপ (মেট্ৰ’) প্ৰশাসন। আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ প্ৰশাসনে ঘোষণা কৰিছে ড্ৰাই ডে’।

উল্লেখযোগ্য যে কামৰূপ প্ৰশাসনে ঘোষণা কৰা অনুসৰি ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈকে বন্ধ থাকিব মহানগৰীৰ সকলো বিপণি।

কামৰূপ মহানগৰ উপায়ুক্তই জাৰি কৰা এক নিৰ্দেশনা অনুসৰি ৩ ডিচেম্বৰৰ বিয়লি ৩ বজাৰ পৰা ৫ ডিচেম্বৰৰ বিয়লি ৩ বজালৈকে মহানগৰীৰ সকলো সুৰাৰ বিপণি বন্ধ থাকিব।

আনহাতে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব লগা ১২ ডিচেম্বৰৰ দিনটোতো সম্পূৰ্ণৰূপে সুৰা বিপণিসমূহ বন্ধ থাকিব বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে। সুৰাৰ বিপণিৰ লগতে বিয়েৰ বাৰ আৰু অনুজ্ঞাপত্ৰ থকা হোটেল সমূহতো প্ৰশাসনে সুৰাৰ বিক্ৰী নিষিদ্ধ কৰিছে বুলি জানিব পৰা গৈছে।

লগতে এই আইন উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিছে প্ৰশাসনে।

ইফালে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লগতে ৰাজ্যৰ আন আন জিলা সমূহতো সংশ্নিষ্ট জিলা প্ৰশাসনে ড্ৰাই ডে’ ঘোষণা কৰিছে।