NORTHEAST NOW (Assamese)

পঞ্চায়ত নিৰ্বাচন : বৰপেটাত ৰিপাব্লিক পাৰ্টি অব ইণ্ডিয়াৰ হৈ প্ৰচাৰ চলালে ‘টাৰ্জান’এ

December 5, 2018 11:08 pm · পুলেন্দ্ৰ দাস

ৰাজ্যত আজিৰ পৰা আৰম্ভ হোৱা পঞ্চায়ত নিৰ্বাচনত ভোটাৰক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন ৰাজনৈতিক দলে অব্যাহত ৰাখিছে ন-ন কৌশল। এইক্ষেত্ৰত পিছ পৰি থকা নাই কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথেৱালে নেতৃত্বাধীন ৰিপাব্লিক পাৰ্টি অব ইণ্ডিয়াও।

দলটোৱে আজি বৰপেটা জিলাৰ উজীৰৰ চৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে লৈ আহে হিন্দী চিনেমা ‘টাৰ্জান’ত সুদক্ষ অভিনয়েৰে দৰ্শকৰ মন জয় কৰা হেমন্ত বিৰজীক।

বৰপেটা জিলাৰ সংখ্যালঘু লোক অধ্যুষিত উজীৰৰ চৰত আজি বিয়লি অনুষ্ঠিত নিৰ্বাচনী সভাখনত অংশগ্ৰহণ কৰি হেমন্ত বিৰজীয়ে ৰিপাব্লিক পাৰ্টি অব ইণ্ডিয়াৰ প্ৰাৰ্থীসকলক ভোট দিয়াৰ বাবে ৰাইজক আহ্বান জনায়।

আনহাতে ‘টাৰ্জান’ খ্যাত হেমন্ত বিৰজীক ওচৰৰ পৰা চোৱাৰ উদ্দেশ্যে নিৰ্বাচনী সভাখনত অসংখ্য ৰাইজ উপস্থিত থাকে। সভাখনত দলটোৰ ৰাজ্যিক সম্পাদক (প্ৰশাসন) ৰেজাউল কৰিম, পঞ্চায়তটোৰ প্ৰাৰ্থী বুলেজা খাতুনৰ লগতে দলটোৰ কেইবাগৰাকী নেতা উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

Related News