বােকাখাতত পঞ্চায়ত নিৰ্বাচনৰ ভােটগ্রহণ কেন্দ্র পৰিদৰ্শন নির্বাচনী পৰ্য্যবেক্ষক লীনা দাসৰ

আগন্তুক পঞ্চায়ত নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰিবৰ বাবে বোকাখাত মহকুমা প্ৰশাসন সাজু হৈছে।

এই উদ্দেশ্যে অহা ৫ ডিচেম্বৰত বোকাখাত মহকুমাত হ’ব লগীয়া পঞ্চায়ত নিৰ্বাচন সংক্ৰান্তীয় তদাৰক কৰিবৰ বাবে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা তথা উন্নয়ন বিভাগৰ সঞ্চালক লীনা দাসক নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে নিৰ্বাচন আযয়োগে নিযুক্তি দিছে।

আজি পৰ্যবেক্ষক লীনা দাসে বোকাখাত মহকুমাৰ কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বোকাকাত মহকুমা প্ৰশাসনে পঞ্চায়ত নিৰ্বাচনৰ বাবে স্থাপন কৰা ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰে।

তাৰোপৰি পৰ্যবেক্ষক গৰাকীয়ে মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে আজি আলোচনাত মিলিত হয়।

আলোচনাত পৰ্যবেক্ষক গৰাকীয়ে সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিকে নিৰ্বাচনী আচৰণ-বিধি মানি চলাৰ লগতে ভোটদান আৰু ভোটগণনাৰ সময়ত শান্তি-সম্প্ৰীতি বজাই ৰাখিবৈ আহ্বান জনায়।

তাৰোপৰি পঞ্চায়ত নিৰ্বাচনৰ বাবে নিযুক্তি পোৱা জ’নেল আৰু চেষ্টৰ বিষয়াসকলৰ সৈতেও পৰ্যবেক্ষক গৰাকীয়ে নিৰ্বাচনী আচৰণ-বিদি সম্পৰ্কে আলোচনা কৰে।

উক্ত আলোচনাত বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যাম, ৰাজাহচক্ৰ বিষয়া খনিন্দ্ৰ দাস, নিৰ্বাচনী বিষয়া নীশিতা বৰা, সহকাৰী আয়ুক্ত শান্তনু গগৈ উপস্থিত থাকে।