NORTHEAST NOW (Assamese)

মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলৰ উপায়ুক্ত কাৰ্যালয়ত ভিৰ

November 15, 2018 9:15 pm · পাৰ্শ্বজ্যোতি গগৈ

পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা আজি শিৱসাগৰত সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত  নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে।

বিজেপি, এজিপি, কংগ্ৰেছৰ লগতে আন আন দলৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহোতে ঢোলে ডগৰে, গায়ন বায়ন লৈ সমদল কৰি মনোনয়ন পত্ৰ দাখিল কৰে।

শিৱসাগৰ জিলা পৰিষদৰ সদস্যৰ সংখ্যা ১৩ খন, ৪খন আঞ্চলিক পঞ্চায়ত, ৬২ খন গাঁও পঞ্চায়তৰ সভাপতি পদ আৰু ৬২০ টা ৱাৰ্ড সদস্যৰ পদৰ বাবে প্ৰথম পৰ্য্যায়ত  নিৰ্বাচন অনুষ্ঠিত হ’ব।

কাইলৈ অৰ্থাৎ ১৬ নৱেম্বৰত ১০.৩০ বজাৰ পৰা মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব আৰু বৈধভাৱে মনোনীত প্ৰাৰ্থী সকলৰ তালিকা প্ৰকাশ কৰা হ’ব।

ইফালে কংগ্ৰেছৰ প্ৰাৰ্থীসকলে কেইবা হাজাৰ সমৰ্থক লৈ ব’ৰ্ডিং খেল পথাৰৰ পৰা সমদল কৰি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যায়। কংগ্ৰেছৰ এই শক্তি প্ৰদৰ্শনে শংকিত কৰি তুলিছে বিৰোধীৰ শিবিৰক।

Related News