দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন সমাপ্ত : সৰ্বাধিক ৮৬% ভোট পৰিল ধুবুৰীত

H N Bora, State Election Commissioner

ফাইল ফটো

আজি ৰাজ্যৰ ১০ খন জিলা আৰু তিনিটা মহকুমাত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া সন্ধিয়া ৫ বজালৈ ধুবুৰী জিলাত সৰ্বাধিক ৮৬ শতাংশ আৰু উত্তৰ শালমাৰাত সৰ্বনিম্ন ৬৫ শতাংশ হোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই।

আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই বিয়লি ৰাজ্যিক নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি কয়, ‘আজি ১০ খন জিলা আৰু তিনিটা মহকুমাত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত তিনিটা ঠাইৰ পৰাহে বিসংগতি হোৱা বুলি আমি খবৰ পাইছো তাৰ বাহিৰে বাকী ঠাই সমূহত শান্তিপূৰ্ণভাৱে নিৰ্বাচন সম্পন্ন হৈছে’।

আয়ুক্ত বৰাই আৰু কয় যে দক্ষিণ শালমাৰা-মানকাচৰত ৮০ শতাংশ, কাছাৰত ৭০ শতাংশ, হাইলাকান্দিত ৭১ শতাংশ, হোজাইত বিয়লি পাঁচ বজালৈ ৭০ শতাংশ ভোটগ্ৰহণ সম্পূৰ্ণ হৈছে। ইয়াৰ উপৰি সোমবাৰে লখিমপুৰ জিলাৰ ২৫টা ভোট কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব বুলিও বৰাই উল্লেখ কৰে।

আনহাতে কাছাৰ আৰু কৰিমগঞ্জত ৭ বা ৮টা আৰু নলবাৰী জিলাৰ এটা ভোট কেন্দ্ৰত অহা ১১ ডিচেম্বৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

সংবাদমেল সম্বোধন কৰাৰ সময়লৈকে ৰাজ্যৰ বহু অঞ্চলত ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকা বুলি জনোৱাৰ লগতে বিয়লি ৫ বজালৈ দ্বিতীয় পৰ্যায়ত ৭২ শতাংশ ভোটদান সম্পন্ন হৈছে আৰু এই হাৰ ৮০ শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে। আনহাতে অহা ১২ ডিচেম্বৰত পুৱা ৮ বজাৰ পৰা ভোটগণনা অনুষ্ঠিত হ’ব বুলি বৰাই কয়।

ইফালে নিৰ্বাচনী বিধি উলংঘাক লৈ চৰকাৰৰ পৰা প্ৰতিবেদন বিচৰাৰ লগতে চন্দ্ৰমোহন পাটোৱাৰীয়ে নিৰ্বাচনী বিধি উলংঘা কৰা সন্দৰ্ভত উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰা বুলিও আয়ুক্ত বৰাই সংবাদমেলত উল্লেখ কৰে।