অসুস্থ পৃথিৱী! মহামাৰীত ভাৰতত অনাথ হৈছে ১.২ লাখ শিশু; বিশ্বত এই সংখ্যা ১০ লাখৰো অধিক

Children affected in Coronavirus

ভাৰতত মহামাৰীৰ ফলত অভিভাৱকহীন হৈ পৰা অনাথ শিশুৰ সংখ্যা হৈছে প্ৰায় ১.২ লাখ। লেনস্যেটৰ শেহতীয়া প্ৰতিবেদনত এই অনুমান প্ৰকাশ পাইছে।

প্ৰতিবেদন অনুসৰি, মেক্সিকোত ১.৪লাখ আৰু ব্ৰাজিলত ১.৩ লাখৰ পাছতে কোভিড-১৯ৰ ফলত অনাথ হোৱা শিশুৰ ক্ষেত্ৰত ভাৰত তৃতীয় স্থানত আছে।

সমগ্ৰ বিশ্বতে বিগত ২০২০ৰ ১মাৰ্চৰ পৰা ২০২১ৰ ৩০ এপ্ৰিলৰ ভিতৰত ১১.৩৪ লাখ শিশু কোভিডসৃষ্ট মহামাৰীত অনাথ হৈছে।

আনহাতে, পিতৃ বা মাতৃৰ যিকোনো এগৰাকীক হেৰুওৱা শিশুৰ সংখ্যা হৈছে গোটেই বিশ্বতে হৈছে ১০.৪২লাখ। ভাৰতত এই সংখ্যা ১.১৬লাখ।

মহামাৰীত মাতৃৰ তুলনাত পিতৃ হেৰুওৱা শিশুৰ সংখ্যা পাঁচগুণ অধিক।

ভাৰতত প্ৰায় ২৫,৫০০শিশুৱে কোভিডত তেওঁলোকৰ মাতৃক হেৰুৱাইছে। আনহাতে, ৯০,৭৫১ শিশুৱে কোভিডত তেওঁলোকৰ পিতৃক হেৰুৱাইছে। সেইদৰে ১২ টি শিশুৱে পিতৃ-মাতৃ দুয়োকে হেৰুৱাইছে।