স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাত পঞ্জাৱৰ বি এছ এফ চূড়ান্ত বিজয়ী

ৰাণাৰ্চ আপতে ক্ষান্ত থাকিল কলকতাৰ মহমেদান স্পৰ্টিং ক্লাৱ

143d1233-a06b-4552-82eb-f957cb168a04

স্বাধীনতা দিবস কাপ ফুটবলৰ চূড়ান্ত বিজয়ী পঞ্জাৱৰ বি এছ এফ দলটো। ফটো : নৰ্থইষ্ট নাও

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম পুৰণি তথা আগশাৰীৰ নগাঁৱৰ সৰ্বভাৰতীয় ৭০ সংখ্যক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনিৰ শনিবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত পঞ্জাৱৰ বি এছ এফ দলে কলকতাৰ মহমেদান স্পৰ্টিং ক্লাৱক ট্ৰাইবেকাৰত পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰে।

উত্তেজনাপূৰ্ণ খেলখনত নিৰ্দ্ধাৰিত সময়ত ড্ৰ’ হোৱাত ট্ৰাইব্ৰেকাৰ পদ্ধতিৰে  খেলখনৰ ফলাফল নিৰ্ণয় উলিওৱা হয়। দুয়োটা দলে কেইবাটাও সুযোগ লাভ কৰিছিল যদিও ৰক্ষণ বিভাগ আৰু  গ’লৰক্ষক শক্তিশালী হোৱাৰ পৰিপ্ৰেক্ষিতত দল দুটাই লাভ কৰা সুযোগ কাৰ্যকৰী কৰিব নোৱাৰিলে।

কলকতাৰ দলটোৱে প্ৰথমাৰ্দ্ধৰ ১৭ মিনিটত কাওমে আতছা চাৰ্লছে দিয়া গ’লৰ জৰিয়তে ১-০ গ’লত অগ্ৰগতি লাভ কৰিছিল যদিও পঞ্জাৱৰ দলটোৰ হৈ প্ৰথমাৰ্দ্ধৰ ৪৪ মিনিটত চাদাম হুছেইনে গ’ল কৰি সমতা স্থাপন কৰে। দ্বিতীয়াৰ্দ্ধত কোনো এটা দলেই গ’ল কৰিবলৈ সক্ষম নহ’ল।

ট্ৰাইবেকাৰত বিজয়ী হোৱাৰ পিছত বিজয়ী দলটোৰ উল্লাস। ফটো : নৰ্থইষ্ট নাও

উল্লেখ্য যে, নিৰ্দ্ধাৰিত সময়ত খেল অমীমাংসিত হোৱাত ট্ৰাইব্ৰেকাৰৰ জৰিয়তে পঞ্জাৱ দলটো ৫-৪ গ’লৰ ব্যৱধানত বিজয়ী হয়। ট্ৰাইব্ৰেকাৰত পঞ্জাৱ দলটোৰ হৈ কমল কিশোৰ, পি এইস বয় সিং, আৰ দাৰলং আৰু গুৰপ্ৰীত সিঙে গ’ল কৰে যদিও আৰ হেমৰামে গ’ল কৰিব নোৱাৰিলে।

আনহাতে, কলকতা দলটোৰ হৈ ডেভিদ ওচম আচামোহ, প্ৰসেনজিৎ চক্ৰৱৰ্তী আৰু কাওমে আতছা চাৰ্লছে গ’ল দিয়াৰ বিপৰীতে লাথ’ হেমব্ৰম আৰু ফিলিপ এডজাহে গ’ল কৰিবলৈ সক্ষম নহ’ল।

ইতিমধ্যে, পঞ্জাৱ দলটোৱে এইবাৰকে লৈ মুঠ ১১ বাৰ ফাইনেল খেলি ৮ বাৰ বিজয়ী হৈছে আৰু কলকতাৰ দলটোৱে ৬ বাৰ ফাইনেল খেলি এইবাৰ প্ৰথমবাৰৰ বাবে ৰানাৰ্চ আপ হয় যদিও আগৰ ৫ বাৰেই চূড়ান্ত বিজয়ী হ’বলৈ সক্ষম হৈছিল।

খেলখন পৰিচালনা কৰাত ৰেফাৰী মিঠুন কুণ্ডুক লাইনত সহায় কৰে নিৰ্মল ভট্টাচাৰ্য, পি এইচ লাল থৈইবা আৰু দিব্যজ্যোতি শৰ্মা (চতুৰ্থ)ই আৰু ৰিজাৰ্ভ ৰেফাৰি হিচাপে পবিত্র বৰা উপস্থিত থাকে।

সামৰণী অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক ৰেইল মন্ত্রী তথা নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি ৰাজেন গোহাঁই, বিধায়ক তথা নগাঁও ক্ৰীড়া সংস্থাৰ উপ-সভাপতি ৰূপক শৰ্মা, ৰাজ্যিক ফুটবল সংস্থাৰ সম্পাদক অংকুৰ দত্তই বিজয়ী আৰু বিজিত দলক ট্ৰফী প্ৰদান কৰে।

আনহাতে, ফাইনেল খেলখনৰ লগত সংগতি ৰাখি আয়োজন কৰা এক সাংস্কৃতিক অনুষ্ঠানত খ্যাতনামা সংগীত শিল্পী নীল আকাশে সংগীত পৰিৱেশন কৰে।