NORTHEAST NOW (Assamese)

বন্ধুলৈ শ্ৰদ্ধাঞ্জলি! নিজৰ সকলো অনুষ্ঠান বাতিল কৰিছে পাপনে…

September 29, 2025 8:03 pm · এন ই নাও নিউজ, গুৱাহাটী

অসমৰ মাতৃৰ আন এগৰাকী সু-সন্তান জনপ্ৰিয় সংগীত শিল্পী পাপনে তেওঁৰ ঘনিষ্ঠ বন্ধু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই বাতিল কৰিছে তেওঁৰ সকলো অনুষ্ঠান। ভাতৃপ্ৰতিম জুবিন গাৰ্গৰ আকস্মিক বিয়োগে মৰ্মাহত কৰিছে  পাপনক।

অসমীয়া সংগীত জগতত দশক দশক ধৰি সহযোগিতা আগবঢ়াই অহা দুয়োগৰাকী শিল্পীৰ মাজত অতি ঘনিষ্ঠ সম্পৰ্ক আছিল। অনুষ্ঠান বাতিল কৰাৰ বাবে সংশ্লিষ্ট সকলোৰে ওচৰত আন্তৰিকতাৰে ক্ষমা বিচাৰিছে শিল্পী গৰাকীয়ে।

পাপনে ৩০ ছেপ্তেম্বৰত গুৱাহাটীৰ বৰ্ষাপাৰা এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া আইচিচি মহিলা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰি অনুষ্ঠান পৰিবেশন কৰিব। প্ৰথমে জুবিনক লৈ পৰিকল্পিত এই অনুষ্ঠানটো এতিয়া তেওঁৰ স্মৃতিত উৎসৰ্গিত কৰা হৈছে।

Related News