NORTHEAST NOW (Assamese)

কাশ্মীৰৰ ঘটনাক লৈ ফেইচবুক পোষ্ট দিয়া সহকাৰী অধ্যাপিকা পাপৰি বেনাৰ্জীক আটক, সোধা-পোছা চানমাৰি থানাৰ

February 18, 2019 9:09 am · এন ই নাও নিউজ
Updated: February 18, 2019 9:12 am
নিলম্বিত অধ্যাপিকাগৰাকী আৰু তেওঁৰ পোষ্টটোৰ স্ক্ৰীনশ্বট। উৎস : ফেইচবুক।

কাশ্মীৰৰ পুলৱামাত ১৪ ফেব্ৰুৱাৰিত সংঘটিত ভংয়কৰ বোমা বিস্ফোৰণক লৈ ফেইচবুকত দিয়া এটা পোষ্টে বিতৰ্ক সৃষ্টি কৰাৰ পিছত চানমাৰি থানাই গুৱাহাটীৰ আইকন কমাৰ্চ কলেজৰ সহকাৰী অধ্যাপিকা পাপৰি বেনাৰ্জীক সোধা-পোছাৰ বাবে আটক কৰে। পাপৰি বেনাৰ্জীয়ে তেওঁৰ বিতৰ্কিত পোষ্টটো ১৫ ফেব্ৰুৱাৰিত দিছিল।

বিভিন্নজনে পোষ্টটো অসম আৰক্ষীৰ দৃষ্টিগোচৰ কৰাত অসম আৰক্ষীয়ে ইয়াক বিবেচনা কৰাৰ আশ্বাস দিছিল আৰু ১৭ ফেব্ৰুৱাৰিত চানমাৰি আৰক্ষীয়ে অধ্যাপিকাগৰাকীক থানালৈ নি এই সন্দৰ্ভত সোধাপোছা কৰে। অৱশ্যে তেওঁক সোধা-পোছাৰ অন্তত যাবলৈ দিয়া হয়।

বিতৰ্কিত পোষ্টটোৰ বাবেই ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই অধ্যাপিকাগৰাকীক ১৬ ফেব্ৰুৱাৰিত নিলম্বনো কৰিছে। বেনাৰ্জী ইংৰাজী বিষয়ৰ সহকাৰী অধ্যাপিকা আছিল। তেওঁ এগৰাকী প্ৰাক্তন কটনিয়ান।

কলেজ কৰ্তৃপক্ষই ১৬ ফেব্ৰুৱাৰিত নিলম্বিত কৰাৰ পিছতে দিয়া এটা পোষ্টত সহকাৰী অধ্যাপিকাগৰাকীয়ে কোনো অনুশোচনা নৰখাকৈ কৈছিল, “Freedom, to speak at last…”

আন এটা পোষ্টত বেনাৰ্জীয়ে কয়, ‘‘The price you pay in India for being a liberal…’’

কাশ্মীৰৰ ঘটনাটোক লৈ পাপৰি বেনাৰ্জীয়ে দিয়া পোষ্টটো, যিটো একাংশই ভাৰত বিৰোধী বুলি ধৰি লৈছে, তাত তেওঁ লিখিছে

‘‘কালি ৪৫জন সাহসী পুৰুষক হত্যা কৰা হ’ল..

এয়া যুদ্ধ নাছিল..

তেওঁলোকে উলটি যুঁজিবলৈ সুযোগ পোৱা নাছিল..

এয়া আছিল চৰম কাপুৰুষালি..

এই কথাই যিকোনো এজন ভাৰতীয়ৰে হৃদয় ভাঙিব..

কিন্তু

কিন্তু

কিন্তু

নিৰাপত্তা বাহিনীবোৰে উপত্যকাটোত কি কৰা নাই!

তোমালোকে তেওঁলোকৰ মহিলাসকলক ধৰ্ষণ কৰিছা..

তোমালোকে তেওঁলোকৰ শিশুবোৰক পংগু কৰিছা, হত্যা কৰিছা..

তোমালোকে তেওঁলোকৰ পুৰুষসকলক হত্যা কৰিছা..

তোমালোকৰ মিডিয়াই তেওঁলোকক নিৰন্তৰ অসুৰ সজাই আছে..

আৰু তোমালোকে কোনো প্ৰতিশোধ আশা নকৰি পাৰা??

তোমালোকে কি জানা?

‘সন্ত্ৰাসবাদ’টো ইছলামৰ পৰা আহিব পাৰে,

কিন্তু ‘কৰ্ম’ হ’ল একেবাৰে ভাৰতীয়, একেবাৰে সনাতনীয় ধাৰণা..

সেইটো গমি চোৱা!’’

এইদৰে পাপৰিয়ে ঘটনাটোৰ এটা নিজা দৃষ্টিৰ পোষ্টমৰ্টেম কৰাৰ পিছতে একাংশই ইয়াক কাশ্মীৰ-ঘটনাৰ প্ৰতি হেয় মনোভাবৰ প্ৰকাশ বুলি ধাৰণা কৰি লয়। কেৱল সেয়াই নহয়, বেনাৰ্জীক তেওঁৰ পোষ্টটোৰ বাবে কিছুমান য়ুজাৰে তেওঁৰ ইনবক্সত ধৰ্ষণ আৰু হত্যাৰ ভাবুকিও দিয়ে, যাৰ বাবেও অধ্যাপিকাগৰাকীয়ে অসম আৰক্ষীক দৃষ্টিগোচৰ কৰে নিজৰ পো্ষ্টৰ জৰিয়তে।

উল্লেখযোগ্য যে পূৰ্বেও পাপৰি বেনাৰ্জীয়ে এনেকুৱা ভাবুকিৰ সন্মুখীন হৈছিল, যাৰ বাবে তেওঁ অসুৰক্ষিত অনুভৱ কৰিছে বুলি মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী মেনকা গান্ধীলৈ টুইট কৰিব লগীয়া হৈছিল। মেনকা গান্ধীয়ে সঁহাৰি জনাই অসম আৰক্ষীলৈ তাৎক্ষণিকভাৱে সুৰক্ষা নিশ্চিত কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰিছিল।

Related News