NORTHEAST NOW (Assamese)

চামগুৰিত পৰাগ কুমাৰ দাসক স্মৰণ

May 17, 2020 11:12 pm · বিদ্যুৎ জ্যোতি বৰা

বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি ২৪সংখ্যক মৃত্যু দিৱস। লকডাউনৰ মাজতে আজি চামগুৰিত অনুষ্টুপীয়াকৈ প্ৰয়াত সাংবাদিকজনক স্মৰণ কৰিলে স্থানীয় সচেতন ৰাইজে।

চামগুৰিৰ বহুকেইজন সাংবাদিকৰ উদ্যোগত অকণি সাহিত্য সভা আৰু শংকৰদেৱ শিশু নিকেতন, চামগুৰিৰ সহযোগত এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়।

লকডাউনৰ মাজতেই সামাজিক দূৰত্ব বজাই ৰাখি সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতিত প্ৰথমে এটি প্ৰাৰ্থনা জনোৱা হয়।

“শিশু বন্ধু”ৰূপে পৰিচিত বিশিষ্ট শিশু সাহিত্যিক দুলাল বৰাই প্ৰয়াত সাংবাদিক দাসৰ জীৱনৰ ওপৰত সংক্ষেপে আলোকপাত কৰে।

শংকৰদেৱ শিশু নিকেতন, চামগুৰিৰ প্ৰধান আচাৰ্য দীগেন বৰাই অনুষ্ঠানটোৰ আঁত ধৰে।

ইয়াৰ পাছতে স্থানীয় কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ২০গৰাকী শিশু প্ৰতিযোগীক নগাঁৱৰ ক্ৰান্তিকাল আৰু মালিনী প্ৰকাশনে আগবঢ়োৱা একোখনকৈ শিশু উপযোগী গ্ৰন্থ উদ্যোক্তাসকলে প্ৰদান কৰে।

আচাৰ্য দীগেন বৰাৰ বাসগৃহৰ প্ৰাঙ্গণত অনুস্থিত হোৱা এই অনুষ্ঠানত চামগুৰি গেছ এজেন্সীৰ প্ৰৱন্ধক পৱন বৰা, সাংবাদিক প্ৰমোদ শৰ্মা, নয়নমণি বৰা, নৱজ্যোতি বৰা, প্ৰদীপ বৰা, কুইজ মাষ্টাৰৰূপে খ্যাত নৱজ্যোতি বৰাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related News