শীঘ্ৰেই ছাইনা নেহৱালৰ চৰিত্ৰত দৰ্শকে দেখা পাব পৰিণীতি চোপ্ৰাক

ভাৰতৰ অলিম্পিক পদক বিজয়ী তাৰকা শ্বাটলাৰ ছাইনা নেহৱালৰ জীৱন ভিত্তিক চলচ্চিত্ৰ ‘ছাইনা’ত অভিনয় কৰিছে বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী পৰিনীতি চোপ্ৰাই।

বেডমিণ্টন তাৰকা ছাইনা নেহৱালৰ জীৱনৰ ওপৰত নিৰ্মাণ হ’বলগীয়া চলচ্চিত্ৰখন অনলাইন প্লেটফৰ্মত শীঘ্ৰে মুকলি কৰি দিয়া হ’ব।

বিগত বৰ্ষতে চলচ্চিত্ৰ গৃহলৈ ছাইনা নেহৱালৰ জীৱন ভিত্তিক চলচ্চিত্ৰখন অহাৰ কথা আছিল যদিও কোভিড মহামাৰীৰ বাবে চলচ্চিত্ৰখন মুকলি কৰি দিব পৰা হোৱা নাছিল।

বৰ্তমান চলচ্চিত্ৰ গৃহ সমূহ ৫০ শতাংশ দৰ্শকেৰে খুলি দিয়াৰ ব্যৱস্থা কৰা হৈছে যদিও চলচ্চিত্ৰখনৰ নিৰ্মাতাই চলচ্চিত্ৰখন অনলাইন প্লেটফৰ্মত মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কোভিড মহামাৰীৰ সময়ত চলচ্চিত্ৰ গৃহ সমূহ বন্ধ হৈ থকা বাবে বিভিন্ন চলচ্চিত্ৰ অনলাইন প্লেটফৰ্মত মুক্তি দিয়া হৈছিল।

টি-চিৰিজৰ বেনাৰত ছাইনা নেহৱালৰ চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে।