NORTHEAST NOW (Assamese)

পেৰিছৰ চেইন নদীত বৃদ্ধি পাইছে প্ৰদূষণ : পিছুৱাই দিয়া হ’ল ট্ৰাইএথলনৰ ইভেন্ট

July 31, 2024 11:31 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

পেৰিছ অলিম্পিক আৰম্ভ হোৱাৰ পৰাই বিতৰ্কৰ মাজত সোমাই পৰিছে ফ্ৰান্স। কেতিয়াবা ধৰ্মীয় আৱেগত আঘাত দিয়াক লৈ আৰু কেতিয়াবা নিৰাপত্তাৰ ব্যৱস্থাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ।

এইবাৰ অলিম্পিকৰ এটা ইভেন্ট পিছুৱাই দ পুনৰ বিতৰ্কত সোমাই পৰিছে পেৰিছ অলিম্পিক।

পেৰিছৰ মাজ মজিয়াত আছে চেইন নামৰ নদী। সেই নদীৰ পাৰতেই অনুষ্ঠিত হৈছে অলিম্পিকৰ মুকলি সভা।

পেৰিছৰ চেইন নদীতেই অনুষ্ঠিত হোৱাৰ কথা আছিল অলিম্পিকৰ ট্ৰাইএথলনৰ সাতোঁৰ খেল। মঙলবাৰে অনুষ্ঠিত হ’ব লাগিছিল এই অনুষ্ঠান।

কিন্তু একেৰাহে দুদিন বৰষুণৰ ফলত নদীখনৰ প্ৰদূষণ বাঢ়িছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। খেলুৱৈসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠান পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। বুধবাৰে অনুষ্ঠিত হ’ব এই অনুষ্ঠান। ​​বুধবাৰে যদি অনুষ্ঠান আৰম্ভ কৰিব নোৱাৰি তেন্তে শুকুৰবাৰে হ’ব খেলাখন। পুৰুষৰ লগতে মহিলাৰ ইভেণ্টো স্থগিত ৰখা হৈছে নদীখনত বৃদ্ধি পোৱা প্ৰদূষণৰ বাবে।

ট্ৰাইএথলনৰ ইভেণ্টত সাঁতোৰ, চাইকেল আৰু দৌৰৰ তিনিটা ইভেণ্ট একত্ৰিত কৰি এজন খেলুৱৈক চেম্পিয়ন হিচাপে নিৰ্বাচিত কৰা হয়।

উল্লেখ্য যে চেইন নদীত ১০০ বছৰতকৈও অধিক সময় ধৰি সাঁতোৰ নিষিদ্ধ আছিল। কিন্তু ২০১৫ চনত ফ্ৰান্স চৰকাৰে নদীখন পৰিষ্কাৰ কৰিবলৈ ১ বিলিয়ন পাউণ্ড ব্যয় কৰিছিল। তাৰ পিছত নদীখনত সাঁতোৰৰ অনুমতি প্ৰদান কৰা হৈছে।

Related News