বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ১০ গৰাকী বিশিষ্ট ব্যক্তিলৈ পৰিবেশ মিত্ৰ সন্মান অসম চৰকাৰৰ

বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ১০ গৰাকী বিশিষ্ট ব্যক্তিলৈ পৰিবেশ মিত্ৰ সন্মান প্রদান কৰে অসম চৰকাৰে। পৰিবেশ সংৰক্ষণৰ দিশত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে।

আজি এই কথা সদৰী কৰিছে মন্ত্ৰী কেশৱ মহন্তই।মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্ৰী প্ৰতিষ্ঠানিক বনানীকৰন আঁচনি ১৫ জুলাই ২০২২ ৰ পৰা ১৫ আগষ্ট ২০২২লৈ চলিব।

আজি কলিয়াবৰত সংবাদমেল সম্বোধন কৰি মন্ত্ৰী কেশৱ মহন্তই এই মন্তব্য কৰে।

ইফালে¸ ৰাজ্যৰ ৩ খন মহাবিদ্যালয়লৈ শ্ৰেষ্ঠ ই’ক ক্লাবৰ সন্মান।

৫ খন বিদ্যালয়লৈ শ্ৰেষ্ঠ ই’ক ক্লাব সন্মান অসম চৰকাৰৰ।

শ্ৰেষ্ঠ মহাবিদ্যালয় পৰিৱেশ আৰু জলবায়ু কোষ সন্মান ৩ মহাবিদ্যালয়লৈ।

এই বঁটা সমূহ ৰাষ্ট্ৰীয় সেউজ বাহিনী আৰু এছটেকৰ জলবায়ু কোষে ঘোষণা কৰে।