• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মণিপুৰৰ নৃশংস নাৰী উৎপীড়ন কাণ্ডই কঁপাইছে দেশ: দুই কুকি মহিলাক পথত উলংগ কৰি সমদল, দলবদ্ধ ধৰ্ষণৰ অভিযোগ

সংসদৰ বৰ্ষাকালীন অধিৱেশনত প্ৰধানমন্ত্ৰীৰ পৰা বিবৃতি দাবী বিৰোধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2023 9:26 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত দুমাহতকৈ অধিক সময় ধৰি উত্তপ্ত হৈ থকা মণিপুৰৰ পৰিস্থিতিয়ে দেশব্যাপী উদ্বেগৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যখনত সংঘটিত এক নৃশংস নাৰী নিৰ্যাতনৰ কাণ্ড পোহৰলৈ অহাৰ পিছতে সমগ্ৰ দেশকে জোকাৰি তুলিছে। এই নৃশংস কাণ্ডই অধিক ৰূপত প্ৰতিফলিত কৰি কৰি তুলিছে মণিপুৰৰ পৰিস্থিতিৰ ভয়াৱহতা।

শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে মণিপুৰত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ এই ঘৃণনীয় কাণ্ডৰ ভিডিঅ’। ভাইৰেল এই ভিডিঅ’টোত মেইটেই সম্প্ৰদায়ৰ একাংশ লোকে দুগৰাকী কুকি মহিলাক পথত উলংগ কৰি সমদল কৰোৱাৰ দৃশ্য দেখা গৈছে। পিছত উক্ত মহিলা দুগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগো উত্থাপন হৈছে।

এই দীৰ্ঘ সময়ছোৱাত আনকি মহিলা দুগৰাকীক নৃশংসভাৱে শাৰীৰিক অত্যাচাৰ কৰাও দেখিবলৈ পোৱা গৈছে। ৰাজ্যখনৰ খিলঞ্জীয়া জনজাতি নেতা মঞ্চই প্ৰকাশ কৰা এক বিবৃতি অনুসৰি যোৱা ৪ মে’ত ৰাজ্যৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত কাংপকপি জিলাত সংঘটিত হয় এই কাণ্ড।

এই ঘটনাৰ প্ৰতি সঁহাৰি জনাই ৰাষ্ট্ৰীয় মহিলা আয়োগ আৰু অনুসূচিত জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে জনজাতীয় সংগঠনটোৱে। শেহতীয়াকৈ মণিপুৰ আৰক্ষীয়ে এক টুইটযোগে এই সন্দৰ্ভত দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু হোৱা বুলি ঘোষণা কৰে।

এই ভিডিঅ’ প্ৰকাশ পোৱাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সৈতে এই বিষয়ত আলোচনা কৰে বুলি এক টুইট যোগে সদৰী কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ঘটনাক অতিশয় নিন্দনীয় আৰু সম্পূৰ্ণ অমানৱীয় বুলি অভিহিত কৰে।

ইফালে দীৰ্ঘদিন ধৰি চলি থকা মণিপুৰৰ এই অস্থিৰতাৰ পিছতো আশ্চৰ্যকৰভাৱে নিশ্চুপ প্ৰধানমন্ত্ৰী মোদী পুনৰবাৰ বিৰোধীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। বিগত ঘটনাৱলীৰ দৰেই এই নৃশংস নাৰী নিৰ্যাতন কাণ্ড সন্দৰ্ভতো এই পৰ্যন্ত মৌন প্ৰধানমন্ত্ৰী মোদী।

এই মৌনতা পৰিহাৰ কৰি আজিৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনত মোদীৰ পৰা মণিপুৰ সম্পৰ্কে এক বিবৃতি দাবী কৰিছে বিৰোধীয়ে। আজি অধিৱেশনৰ প্ৰথম দিনটোত মণিপুৰৰ বিষয়ক লৈ একাংশ দলে সংসদ স্থগিত ৰখাৰ প্ৰস্তাৱো উত্থাপন কৰাৰ পৰিকল্পনা কৰিছে।

প্ৰধানমন্ত্ৰী মোদীক মণিপুৰ সন্দৰ্ভত সংসদৰ দুয়ো সদনত বক্তব্য দিবলৈ দাবী জনাই তৃণমূলৰ নেতা ডেৰেক অ’ব্ৰাইনে ভিডিঅ কয় যে যদি প্ৰধানমন্ত্ৰীয়ে কোনো মন্তব্য নকৰে, তেন্তে ইয়াৰ পিছত হ’বলগীয়া পৰিস্থিতিৰ বাবে তেওঁ দায়ী হ’ব। অ’ব্ৰাইনৰ মতে, ‘মন কী বাত’ যথেষ্ট হ’ল, এতিয়া ‘মণিপুৰ কী বাত’ৰ সময়’।

আনহাতে কেন্দ্ৰই মণিপুৰ সন্দৰ্ভত আলোচনাৰ বাবে সাজু বুলি উল্লেখ কৰিছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰলহাদ যোশীয়ে কয় যে মণিপুৰত ২ মাহ ধৰি চলি থকা হিংসাত্মক পৰিস্থিতিত ৮০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাকে ধৰি সকলো বিষয়তে সংসদত আলোচনা কৰিবলৈ চৰকাৰ সাজু।

উল্লেখ্য যে, ১১ আগষ্টলৈকে চলিব সংসদৰ বৰ্ষাকালীন অধিৱেশন। অধিৱেশনৰ সময়ছোৱাত মুঠ ১৭ খন বৈঠক অনুষ্ঠিত হ’ব। পুৰণি সংসদ ভৱনত অধিৱেশন আৰম্ভ হ’ব যদিও পিছত নতুন ভৱনলৈ অধিৱেশন স্থানান্তৰিত কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd