নিৰ্বাচন পৰৱৰ্তী হিংসাত জৰ্জৰিত ত্ৰিপুৰাত আক্ৰমণৰ বলি সংসদীয় দল; বিজেপিৰ বিৰুদ্ধে অভিযোগ

ফটো সংগ্রিহীত।

ত্ৰিপুৰাত নিৰ্বাচনোত্তৰ হিংসাৰ দ্বাৰা আক্ৰান্ত হৈছে সংসদীয় দল। ৰাজ্যখনত বিৰোধীৰ ওপৰত ধাৰাবাহিক আক্ৰমণৰ অভিযোগৰ পৰ্যবেক্ষণ কৰিবলৈ অহা কংগ্ৰেছ আৰু চিপিআই(এম)ৰ এটা যুটীয়া প্ৰতিনিধি দলৰ সদস্যসকল আৰক্ষীৰ সুৰক্ষাত প্ৰায় গৃহবন্দী হৈ থাকিবলগীয়া হৈছে। ৰাজ্যখনৰ শাসনাধিষ্ঠিত বিজেপি আক্ৰমণৰ আঁৰত আছে বুলি অভিযোগ কৰা হৈছে।

চিপিআই(এম)ৰ সাংসদ বিকাশ ৰঞ্জন ভট্টাচাৰ্য, সাংসদ পি আৰ নটৰাজন, এ এ ৰহিম, কংগ্ৰেছৰ সাংসদ ৰঞ্জিত ৰঞ্জন, আব্দুল খালেক আৰু চিপিআইৰ সাংসদ বিনয় বিশ্বাস যুটীয়া প্ৰতিনিধি দলটোৰ সদস্য আছিল। কংগ্ৰেছ-চিপিআই(এম) সংসদীয় দলে নিৰ্বাচনোত্তৰ হিংসাৰ অভিযোগৰ পৰ্যবেক্ষণৰ বাবে ত্ৰিপুৰালৈ দুদিনীয়া ভ্ৰমণলৈ গৈছে।

বাতৰি অনুসৰি, যেতিয়া বিশালগড়ৰ সন্ত্ৰাস-পীড়িত অঞ্চললৈ যোৱাৰ সময়তে তেওঁলোকক আক্ৰমণ কৰা হৈছিল। ফলস্বৰূপে, দলটোৱে বিভিন্ন স্থানত প্ৰৱেশ কৰিব নোৱাৰিলে। আক্ৰমণকাৰীসকল বিজেপি দলৰ সমৰ্থক বুলি অভিযোগ কৰা হৈছে।

শুকুৰবাৰে যুটীয়া প্ৰতিনিধি দলটোৱে বাধাৰঘাট আৰু প্ৰতাপগড় বিধানসভা সমষ্টিৰ ক্ষতিগ্ৰস্ত ঘৰসমূহ পৰিদৰ্শন কৰে আৰু বিশালগড়লৈ ৰাওনা হয়। বুধবাৰে নিশা নেহালচন্দ্ৰ নগৰ অঞ্চলত ৰাজনৈতিক প্ৰতিহিংসাৰ ফলত জুইত ভস্মীভূত হোৱা ১৯ খন দোকান পৰিদৰ্শন কৰিছিল সংসদীয় প্ৰতিনিধি দলটোৱে।

প্ৰতিনিধি দলটোত উপস্থিত থকা সাংসদ আব্দুল খালেক, প্ৰাক্তন সাংসদ অজয় কুমাৰ, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি বিৰজিৎ সিনহা আৰু চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলৰ সৈতে কথা পাতি থকাৰ সময়ত শাসকীয় দলৰ দুৰ্বৃত্ত তাত উপস্থিত হৈছিল। সেই সময়ত দুয়োপক্ষৰ মাজত বাকযুদ্ধ আৰম্ভ হোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। সংসদীয় প্ৰতিনিধি দলৰ কেইবাখনো বাহন ভাঙি পেলোৱা হয়। আৰক্ষী আৰু টিএছআৰ জোৱানসকলে কোনোমতে সংসদীয় দলটোক তেওঁলোকৰ জীৱন ৰক্ষা কৰি এক সুৰক্ষিত স্থানত উপনীত কৰায়।

ৰাজ্যিক কংগ্ৰেছৰ সভাপতি সিনহাই কয় যে তেওঁলোকে ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলৰ সৈতে কথা পাতি থকাৰ সময়তে শাসকীয় দলৰ দুৰ্বৃত্তই আহি তেওঁলোকক বাধা দিছিল। তিনিখন গাড়ীত এছক’ৰ্ট থকা স্বত্বেও তেওঁলোকে কোনো ভূমিকা পালন কৰা নাছিল। টিএছআৰ জোৱানসকলে কৈছিল যে যদি তেওঁলোকে ওপৰৰ পৰা নিৰ্দেশনা নাপায় তেন্তে তেওঁলোকে কোনো ব্যৱস্থা ল’ব নোৱাৰে। এনেদৰে তেওঁ প্ৰশাসনৰ ফালে আঙুলি তুলিছে।