NORTHEAST NOW (Assamese)

অগ্নিবীৰ, আদানী-আম্বানী, সংখ্যালঘু…সংসদৰ কাৰ্য্যবিধিৰ পৰা আঁতৰাই দিয়া হ’ল ৰাহুল গান্ধীৰ ভাষণৰ অংশ

July 2, 2024 11:27 am · এন ই নাও নিউজ, নতুন দিল্লী

সোমবাৰে সংসদত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত আলোচনাৰ সময়ত কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। সংসদত ৯০ মিনিটৰ ভাষণ দি হিন্দু, অগ্নিবীৰকে ধৰি ২০টা বিষয়ত ভাষণ দিয়ে। ভাষণৰ সময়ত শাসক আৰু বিৰোধীৰ মাজত যথেষ্ট তৰ্ক-বিতৰ্ক হয়।

ইপিনে, লোকসভাত দিয়া ভাষণৰ পৰা ৰাহুল গান্ধীৰ কিছু বক্তব্য ৰেকৰ্ডৰ পৰা আঁতৰাই দিয়া হৈছে। ইয়াৰ ভিতৰত উদ্যোগপতি আদানী, আম্বানী, সমগ্ৰ পৰীক্ষাটো কোটাত কেন্দ্ৰীভূত আৰু ধনীসকলৰ লাভৰ বাবে কৰা হৈছে আদি বক্তব্য আছে।

সংখ্যালঘুৰ প্ৰতি বিজেপিক অন্যায় ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা ৰাহুল গান্ধীৰ বক্তব্যও লোকসভাৰ আলোচনাৰ পৰা আঁতৰাই দিয়া হৈছে। ইয়াৰ বাহিৰেও অগ্নিবীৰ সেনাৰ পৰিকল্পনা নহয় পিএমঅ’ৰ পৰিকল্পনা আৰু নিজকে হিন্দু বুলি কোৱাসকলে হিংসা কৰে বুলি কোৱা বক্তব্যও ৰেকৰ্ডৰ পৰা আঁতৰাই দিয়া হৈছে।

লগতে পঢ়কঃ হিন্দুত্বৰ অস্ত্ৰৰেই সংসদত বিজেপিক বিদ্ধ কৰিলে ৰাহুল গান্ধীয়ে! অধ্যক্ষকো নিদিলে ৰেহাই

ৰাহুল গান্ধীয়ে চৰকাৰক বিদ্ধ কৰিবলৈ ভগৱান শিৱ, গুৰু নানক আৰু যীচু খ্ৰীষ্টৰ ছবি লৈ আহিছিল। ভাষণৰ সময়ত ৰাহুল গান্ধীয়ে ভগৱান শিৱৰ ছবিখন দেখুৱাই কয় যে ভগৱান শিৱই কাকো ভয় কৰিবলৈ আৰু কাকো ভয় খুৱাবলৈ শিকোৱা নাছিল। ২০টা বিষয়ত চৰকাৰক আক্ৰমণ কৰে ৰাহুল গান্ধীয়ে। ইয়াৰ ভিতৰত আছে হিন্দু, অগ্নিবীৰ, কৃষক, মণিপুৰ, NEET, নিবনুৱা, বিমুদ্ৰাকৰণ, GST, MSP, হিংসা, ভয়, ধৰ্ম, অযোধ্যা, গুজৰাট, জম্মু-কাশ্মীৰ, লাডাখ, প্ৰধানমন্ত্ৰী আৰু অধ্যক্ষ।

ইপিনে, ৰাহুল গান্ধীৰ বক্তব্যক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোডীৰ লগতে অমিত শ্বাহ আৰু ৰাজনাথ সিঙে। সংসদত ৰাহুল গান্ধীয়ে হিন্দু সম্পৰ্কীয় বক্তব্য দিয়াৰ লগে লগে হুলস্থুলৰ সৃষ্টি হয়। ইয়াৰ পিছতে ৰাহুল গান্ধীৰ বক্তব্যত আপত্তি কৰি আসনৰ পৰা থিয় হয় প্ৰধানমন্ত্ৰী মোদীয়ে। ৰাহুল গান্ধীৰ এই বক্তব্যৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে হিন্দু সমাজক হিংসাত্মক আখ্যা দিয়াটো ভুল। ইয়াৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধীৰ বক্তব্যক আপত্তি কৰি কয় যে এয়া কোটি কোটি হিন্দুৰ অপমান। হিংসাক যিকোনো ধৰ্মৰ লগত জড়িত কৰাটো ভুল। ৰাহুল গান্ধীয়ে ক্ষমা খুজিব লাগে।

লগতে পঢ়কঃ বানত বিপৰ্যস্ত অসম! ৰাজ্যত ৪৪ জন লোকৰ মৃত্যু, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো সোমাইছে পানী

আনহাতে, বিজেপিয়ে ৰাহুল গান্ধীক হিন্দু ধৰ্মক অপমান কৰাৰ অভিযোগ উত্থাপন কৰাৰ সময়তে প্ৰিয়ংকা গান্ধীয়ে ৰাহুল গান্ধীৰ পক্ষ লৈছে। প্ৰিয়ংকাই কয় যে ৰাহুল গান্ধীয়ে হিন্দু ধৰ্মক অপমান কৰা নাছিল। ঋষি-সাধুসকলেও ৰাহুল গান্ধীৰ বক্তব্যক সমালোচনা কৰি হিন্দু সমাজক ক্ষমা বিচৰাৰ দাবী জনায়। 

Related News