আগন্তুক লোকসভা নিৰ্বাচনত অগপ -বিজেপিৰ মিত্ৰতাৰ বিৰোধিতাৰে আজি যোৰহাটত অসম গণ পৰিষদৰ কৰ্মীসকলে দলীয় কাৰ্য্যলয়ৰ পৰা তিনি নেতা অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ ফটো সম্বলিত দলীয় বেনাৰ প’ষ্টাৰ ফালি-ছিঙি আঁতৰাই পেলায়।
উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অগপৰ অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে মন্ত্ৰিত্ব ত্যাগ কৰি খিলঞ্জীয়া জনসাধাৰণৰ পক্ষ লৈছিল। কিন্তু লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰি তিনিওগৰাকী মন্ত্ৰীয়ে মন্ত্ৰিত্ব ওভোতাই লোৱাক কেন্দ্ৰ কৰি যোৰাহাটৰ অগপ কৰ্মীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হয়।
অগপৰ ক্ষুভিত সমৰ্থকসকলে দলীয় নেতৃত্বৰ সিদ্ধান্তৰ বিৰোধিতা কৰি এনে সিদ্ধান্তই জাতীয় সত্তাক ক্ষতি কৰিব বুলি উল্লেখ কৰে।
অগপৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক নীৰেন শৰ্মাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিজেপিয়ে নিজৰ স্থিতিত অটল থকাৰ পাছতো অগপই সেই দলটোৰ সৈতে মিত্ৰতা কৰিবৰ বাবে লোৱা সিদ্ধান্তই দলটোৰ সমৰ্থক, ভোটাৰসকলৰ মাজত নেতিবাচক প্ৰভাৱ পেলাব আৰু এনে ধৰণৰ সিদ্ধান্তৰ বাবে নিৰ্বাচনত অগপৰ ক্ষতি হ’ব সৰ্বাধিক।
আন এজন নাম প্ৰকাশত অনিচ্ছুক দলীয় সমৰ্থকে বিজেপিৰ সৈতে মিত্ৰতা কৰা অগপৰ নেতাসকলে একমাত্ৰ গাদী, ক্ষমতা আৰু টকাৰ লালসাতে মিত্ৰতা কৰিছে বুলি অভিযোগ কৰে।
উল্লেখযোগ্য যে, আজি যোৰহাটৰ পুৰণি চাৰ্কিট হাউছ ৰ’ডত থকা অগপৰ কাৰ্য্যালয়ৰ সন্মুখত শতাধিক দলীয় কৰ্মী উপস্থিত হৈ অগপৰ তিনিজন মন্ত্ৰীৰ ফটো, বেনাৰ ছিঙি-ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে সেইবোৰ দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।