আন্তৰ্জাতিক এদিনীয়াত শ্ৰীলংকাৰ হৈ প্ৰথম ডাবল চেঞ্চুৰীৰ অভিলেখ গঢ়িলে পাথুম নিছাংকাই

পাথুম নিছাংকা।

শ্ৰীলংকাৰ অ’পেনাৰ পাথুম নিছাংকাই পাল্লেকেলেত শ্ৰীলংকা আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত ইতিহাস ৰচনা কৰে। তেওঁ এদিনীয়াত দ্বিশতক অৰ্জন কৰা প্ৰথমজন শ্ৰীলংকাৰ বেটছমেন হিচাপে পৰিগণিত হয়।

তেওঁ লগতে শ্ৰীলংকাৰ হৈ এদিনীয়াত সৰ্বাধিক দীঘলীয়া ইনিংছ খেলাৰ সনথ জয়সূৰ্য্যৰ অভিলেখ ভংগ কৰে। ২০০০ চনৰ অক্টোবৰ মাহত শ্বাৰজাহত ভাৰতৰ বিৰুদ্ধে এখন এদিনীয়া খেলত জয়সূৰ্যই ১৬১টা বলত ১৮৯ ৰান সংগ্ৰহ কৰিছিল। নিশংকাই তেওঁক অতিক্ৰমি আগবাঢ়ি গ’ল। পাথুম নিছাংকাই ১৩৬টা বলত তেওঁৰ দ্বিশতক সম্পূৰ্ণ কৰে।

পাথুম নিছাংকাই ১৩৯টা বলত অপৰাজিত ২১০ ৰান সংগ্ৰহ কৰে। এই ইনিংছত লংকাৰ বেটছমেনগৰাকীয়ে ২০টা চাৰি আৰু ৮টা ছয় মাৰে। নিছাংকাৰ আগ্ৰাসী ইনিংছৰ বাবেই শ্ৰীলংকাই আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত ৫০ অভাৰত ৩৮১ ৰান সংগ্ৰহ কৰে।

এদিনীয়া খেলত এটা ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাৰ পঞ্চম স্থানত আছে নিছাংকা। তেওঁ ফখৰ জামানৰ সৈতে একে ৰাণৰ অভিলেখ গঢ়ে। এইগৰাকী পাকিস্তানী বাওঁহতীয়া বেটছমেনেও ২১০ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। কিন্তু ইয়াৰ বাবে ফখৰে ১৫৬টা বল খেলিছিল। কিন্তু নিছাংকাই ১৩৯টা বলতে ২১০ ৰান সংগ্ৰহ কৰে।

এদিনীয়া খেলত দ্বিশতক অৰ্জন কৰা দশম বেটছমেন আৰু শ্ৰীলংকাৰ বাবে এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় পাথুম নিছাংকা।

আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত অ’পেনাৰ আভিষ্কা ফাৰ্নাণ্ডোৰ সৈতে তেওঁ প্ৰথম উইকেটৰ যুটীত ১৮২ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল। তাৰ পাছত তৃতীয় উইকেটত ছাদিৰা সামাৰৱিক্ৰামাৰ সৈতে ৭১ বলত ১২০ ৰানৰ অংশীদাৰিত্ব গঢ়ে।