মহনগৰীৰ চিকিৎসালয়ত ৰোগীক ১ ঘণ্টা ধৰি CT Scan মেছিনত সুমুৱাই ৰাখিলে সুৰাসক্ত অপাৰেটৰে

সোমবাৰে নিশা মহানগৰীৰ এজাইল হাস্পতালত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মহানগৰীৰ বেলতলাস্থিত ব্যক্তিগত চিকিৎসালয়খনত ৰোগীৰ জীৱনক লৈ চৰম হেতালি খেলাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনা অনুসৰি ৯ ছেপ্টেম্বৰৰ নিশা হাস্পতালখনৰ CT Scan কোঠাত বিশ্বনাথ চাৰিআলিৰ চিতেশ্বৰ বৰুৱা নামৰ ৰোগীজনক মেছিনৰ ভিতৰতে ৰাখি মেছিন বন্ধ কৰি উধাও হ’ল এগৰাকী অপাৰেটৰ।

যাৰ ফলত এঘন্টা ধৰি মেছিনৰ ভিতৰতে আবদ্ধ থাকিবলগীয়া হয় ৰোগীজন।

ৰোগীজনৰ পুত্ৰ দীপাঞ্জল বৰুৱাই কৰা অভিযোগ অনুসৰি জোন দাস নামৰ অপাৰেটৰজন সুৰাসক্ত অৱস্থাত আছিল।

আনহাতে, CT Scan কোঠাত সেই সময়ত কোনো ডাক্তৰ উপস্থিত নাছিল বুলি অভিযোগ কৰি দিপাঞ্জলে সংবাদ মাধ্যমৰ আগত কয় ‘নিয়ম অনুযায়ী ডাক্তৰ এজন থাকিব লাগে। এজন ডাক্তৰ নথকাকৈ CT Scan কেনেকৈ হ’ল? যিজন টেকনিচিয়ান উপস্থিত আছিল তেওঁ নিচাত আছিল।‘

তদুপৰি, প্ৰায় এঘন্টা ধৰি CT Scan মেছিনত ৰখাৰ পাছত ৰোগীজনৰ দেহ শীতল হৈ পৰিছিল। পাছত হাস্পতাল কতৃপক্ষই হীটাৰ দি ৰোগীজনৰ দেহ গৰম কৰিবলগীয়া হৈছে বুলি পুত্ৰই জানিবলৈ দিয়ে।

ইপিনে, এই ঘটনাৰ পাছতে ৰোগীৰ পৰিয়ালৰ লোক বশিষ্ঠ থানাত উপস্থিত হৈ অপাৰেটৰ আৰু হাস্পতাল কতৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

তদুপৰি, কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱেও এই ঘটনাৰ তদন্ত কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

‘এই ঘটনাৰ তদন্ত কৰা হ’ব। তদন্তৰ পাছত যদি হাস্পতালৰ কতৃপক্ষৰ কিবা ভুল থকা দেখা পাওঁ, তেন্তে নিশ্চয়কৈ উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।‘ বিশ্বজিৎ পেগুৱে এইদৰে কয়।

হাস্পতাল কতৃপক্ষই এই ঘটনা কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে। লগতে অপাৰেটৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও হাস্পতাল কতৃপক্ষই উল্লেখ কৰে।

‘এই ঘটনা কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। ইতিমধ্যে অপাৰেটৰ জনলৈ নিলম্বনৰ জাননী জাৰি কৰা হৈছে।‘ হাস্পতাল কতৃপক্ষৰ সংবাদ মাধ্যমৰ আগত ভাষ্য।