ৰাজ্যৰ ১১,৫০০টা থলুৱা ভূমিহীন পৰিয়ালক মাটিৰ পট্টা চৰকাৰৰ

Sonowal

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শোণিতপুৰ জিলাৰ ফুলবাৰী চাহ বাগিচাত ৰাজ্যখনৰ ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

ইয়াৰ অংশ হিচাপে আজি একেটা দিনতে ৰাজ্যৰ ২৩খন জিলাৰ ১১,৫০০টা থলুৱা ভূমিহীন পৰিয়ালক মাটিৰ অনুমোদন পত্ৰ আৰু পট্টা বিতৰণৰ ব্যৱস্থা কৰা হৈছে বুলি অনুষ্ঠানটোত মুখ্য মন্ত্ৰীয়ে সদৰী কৰে।

উল্লেখযোগ্য যে উক্ত অনুষ্ঠানতে সোণোৱালে শোণিতপুৰ জিলাৰ ১,৬৭১ টা ভূমিহীন পৰিয়ালক আনুষ্ঠানিকভাৱে ভূমিৰ আৱণ্টন পত্ৰ আৰু পট্টা প্ৰদান কৰে।

ভূমি পট্টা বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণিৰ আজি এই অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ উপৰি শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লৱ লোচন দাস, সাংসদ আৰ পি শৰ্মা, বিধায়ক ক্ৰমে পদ্ম হাজৰিকা, অশোক সিংহাল আৰু গণেশ লিম্বুৱে ভাষণ প্ৰদান কৰে।