NORTHEAST NOW (Assamese)

পৱন খেৰালৈ সাময়িক সকাহ: অন্তৱৰ্তীকালীন জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ

February 23, 2023 4:33 pm · এন ই নাও নিউজ, গুৱাহাটী

অসম আৰক্ষীয়ে দিল্লী বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা পৱন খেৰাই লাভ কৰিছে অন্তৱৰ্তীকালীন জামিন। খেৰাৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে কংগ্ৰেছ দল উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ পিছতে শীৰ্ষ আদালতে খেৰাক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।

কংগ্ৰেছ নেতাগৰাকীক অহা ২৮ ফেব্ৰুৱাৰীলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছে। উচচতম ন্যায়ালয়ে লগতে দিল্লীৰ দ্বাৰকা আদালতে খেৰাক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিব বুলি উল্লেখ কৰে।

সমগ্ৰ দেশতে পৱন খেৰাৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ একত্ৰিত কৰাৰ আহ্বান জনাই কংগ্ৰেছে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। উচ্চতম ন্যায়ালয়ে খেৰাৰ আবেদন ২৭ ফেব্ৰুৱাৰীত তালিকাভুক্ত কৰা হ’ব বুলি নিৰ্দেশনাত উল্লেখ কৰে।

ইফালে খেৰাৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু কৰা অসম আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ পৰাও উত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয়ে। শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে আবেদনকাৰী পৱন খেৰাই নি:চৰ্ত ক্ষমা বিচাৰিছে আৰু সেয়ে তেওঁক সুৰক্ষা প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, শেহতীয়াকৈ খেৰাই আদানী গ্ৰুপৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গ ৰিচাৰ্চে উত্থাপন কৰা অভিযোগৰ তদন্তৰ দাবী জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘নৰেন্দ্ৰ গৌতমদাস মোডী’ বুলি অভিহিত কৰিছিল।

মোদীক ইতিকিং কৰি খেৰাই কৈছিল, “নৰসিংহ ৰাৱে যদি যুটীয়া সংসদীয় সমিতি গঠন কৰিব পাৰে, যদি অটল বিহাৰী বাজপেয়ীয়ে যুটীয়া সংসদীয় সমিতি গঠন কৰিব পাৰে, তেন্তে নৰেন্দ্ৰ গৌতম দাস…ক্ষমা কৰিব দামোদৰদাস…মোডীৰ কি সমস্যা?”

খেৰাৰ এই মন্তব্যৰ পিছতে ডিমা হাছাওত ৰুজু হোৱা গোচৰৰ আধাৰত ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰ অভিমুখে যাত্ৰা কৰিবলগীয়া এখন বিমানৰ পৰা নমাই আনি আজি পুৱা অসম পুলিচে কংগ্ৰেছ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছিল।

Related News