সুৰক্ষা কৰ্মীৰ চাটাই; মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়াৰ কাৰ্যালয়ত তলা লগালে প্ৰতিবাদকাৰীয়ে

উত্তৰ-পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ বিভিন্ন কলিয়ৰীত যোৱা ২০ বছৰ ধৰি কাম কৰি অহা অস্থায়ী সুৰক্ষা কৰ্মীসকলক কামৰ পৰা চাটাই কৰাৰ প্ৰতিবাদত আজি পুনৰ উত্তাল হৈ পৰে মাৰ্ঘেৰিটাস্থিত ক’ল ইণ্ডিয়াৰ মহা প্ৰবন্ধকৰ কাৰ্যালয়।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত উলিওৱা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে ক’ল ইণ্ডিয়াৰ প্ৰবন্ধক ‘যুগল কুমাৰ বৰা হায় হায়’, মাৰ্ঘেৰিটা বিধায়ক ‘ভাস্কৰ শৰ্মা মুৰ্দাবাদ’ আদি শ্ল’গানেৰে উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মহা প্ৰবন্ধকৰ কাৰ্যালয়ৰ  প্রবেশদ্বাৰৰ তলা বন্ধ কৰি দিয়ে।

উল্লেখযোগ্য যে চাটাই কৰা সুৰক্ষা কৰ্মীসকলক পুনৰ মকৰল কৰাৰ দাবীত ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হৈ আহিছে। ক’ল ইণ্ডিয়াৰ কৰ্তৃপক্ষই তেওঁলোকক কামৰ পৰা চাটাই কৰাৰ বিৰুদ্ধে যোৱা ৮ মাৰ্চত যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তিৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে যৌথভাৱে মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল৷

পিছত প্ৰতিবাদস্থলীত উপস্থিত হোৱা মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশ ঝৰ্ণা পাটগিৰিয়ে প্ৰতিবাদীকাৰীৰে আলোচনা কৰি ৭২ ঘণ্টাৰ ভিতৰত ক’ল ইণ্ডিয়া কৰ্তৃপক্ষ, মহকুমা প্ৰশাসন আৰু প্ৰতিবাদী দল সংগঠনৰে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰা হ’ব বুলি কথা দিছিল।

কিন্তু সেই সময়সীমা উকলি যোৱাৰ কেইবা দিনৰ পিছতো কোনো বৈঠক অনুষ্ঠিত নোহোৱাত আজি সংগঠন দুটাৰ উদ্যোগত উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ মাৰ্ঘেৰিটাস্থিত মুখ্য কাৰ্যালয়ৰ গেইটত তলা লগাই দিবলৈ বাধ্য হয় বুলি যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কাঞ্চন বৰাই মন্তব্য কৰে।

পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচী চলি থকা অৱস্থাত মাৰ্ঘেৰিটা মহকুমা চক্ৰ বিষয়া উপস্থিত হৈ  অহা ইং ২৯ মাৰ্চত এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত সংগঠন দুটাই প্ৰতিবাদী কাৰ্যসূচী উঠাই লয় যদিও উক্ত দিনা বৈঠক অনুষ্ঠিত ন’হলে তেওঁলোকে জংগী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব সকিয়াই দিয়ে৷

বছৰেকত দুই কোটি নিবনুৱাক কৰ্ম সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰা বিজেপি চৰকাৰে থলুৱাক চাটাই কৰা কাৰ্যৰ তীব্ৰ সমালোচনা কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক পাপু দত্তই৷

উল্লেখযোগ্য যে ১৯৯২ চনৰ পৰা বিভিন্ন প্ৰতিষ্ঠানৰ জৰিয়তে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ উৎপাদিত কয়লাকে ধৰি বিভিন্ন ধৰণৰ সুৰক্ষাৰ কামত জড়িত তথা ২০ বছৰৰো অধিক সময় ধৰি কৰ্মৰত স্থানীয় সুৰক্ষা কৰ্মীক চাটাই কৰি প্ৰাক্তন সেনা বাহিনীৰ জোৱানক নিযুক্তি দিয়াৰ বাবে কলিকতা স্থিত মুখ্য কাৰ্যালয়ৰ পৰা নিদেৰ্শ দিয়াৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে একাংশ সুৰক্ষা কৰ্মীক চাটাই কৰা হৈছে।