সময় উকলিল, FASTag নাথাকিলে আজিৰে পৰা ভৰিব লাগিব দুগুণ টকা

Toll_1575037331068

এতিয়া আৰু বৃদ্ধি কৰা নহয় FASTagৰ ডেটলাইন। দেওবাৰে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা জানিবলৈ দিয়ে।

ইয়াৰ ফলত দেশৰ ৫২৫খন টোলপ্লাজাত আজিৰে পৰা FASTagব্যৱস্থা বলবৎ হৈছে। FASTagব্যৱস্থা বলবৎ হোৱাৰ অৰ্থ এতিয়াৰে পৰা আৰু টোলপ্লাজাসমূহত নগদ টকা দিব পৰা নাযাব।

কোনো ব্যক্তিৰ গাড়ীত যদি FASTag লগোৱা নাথাকে তেনেহ’লে আজিৰে পৰা জৰিমনা হিচাপে টোলত দুগুণ টকা ভৰিব লাগিব।

চাৰিচকীয়া বা তাতকৈ বেছি চকাৰ গাড়ীৰ বাবে এই নিয়ম আৰম্ভ কৰা হৈছে। দুচকীয়া বাহনক ৰেঙাই দিয়া হৈছে।

জানিব পৰা মতে, ৰাজ্যখনৰ বহু বাছ তথা ট্ৰাকত FASTag লগোৱা হোৱা নাই। ইয়াৰ ফলত আজিৰে পৰা এইসমূহ গাড়ীয়ে দুগুণ টকা ভৰিব লাগিব।

টোলপ্লাজাত গৈ টেক্স দিওঁতে যাতে অধিক সময় নষ্ট নহয় তাৰ বাবে দেশত এই FASTagব্যৱস্থা বলবৎ কৰা হৈছে।

গাড়ীত FASTag লগোৱা থাকিলে টোলপ্লাজাত আৰু গাড়ী ৰখোৱাৰ প্ৰয়োজন নহ’ব। গাড়ীৰ উইনস্ক্ৰীণত FASTag লগোৱা থাকে। গাড়ীখন যেতিয়া টোলপ্লাজাৰ কাষেৰে পাৰহৈ যাব তেতিয়া সেই টেগৰ সৈতে সংযুক্ত কৰা বেংক একাউন্ট বা ৱালেটৰ পৰা টকা কটা যায়।

Radio Frequency Identification প্ৰয়ুক্তিৰ ওপৰত ভিত্তি কৰি এই  FASTagয়ে কাম কৰে। এই টেগৰ কোনো ম্যাদ উকলি যোৱা সময় (এক্সপেয়ৰি ডেট) নাই। এই টেগ নাঁতৰালে যিমানদিন মন যায় ব্যৱহাৰ কৰিব পৰা যাব।