• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰেশ বৰুৱাৰ “নতুন অৱস্থান” চীনৰ দিহং আৰু ৰুইলিৰ মাজত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2019 6:51 pm
Paresh-Baruah c-in-c ulfa (i)

প্ৰতীকী ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ ইউনান প্ৰদেশৰ দিহং আৰু ৰুইলিৰ মাজত আলফা-স্বাধীনৰ সেনাপ্ৰধান পৰেশ বৰুৱাই বৰ্তমান অৱস্থান কৰিছে, আৰু ম্যানমাৰস্থিত সশস্ত্ৰ সেনানীসকলৰ সৈতে তেওঁ প্ৰত্যক্ষ যোগাযোগ হেৰুৱাই পেলাইছে।

যোৱা তিনি মাহত চাৰ্জেণ্ট বৰুণ অসম, মণিকান্ত সোণোৱাল ওৰফে আদৰ্শ অসম, ভাস্কৰ বৰা ওৰফে থুমুং অসম আৰু নিজান দলে ওৰফে নিঞ্জা অসমকে ধৰি আলফা-স্বাঃৰ বহু সংখ্যক জ্যেষ্ঠ সদস্যই আত্মসমৰ্পণ কৰিছে।

আটাইকেইজন আলফা-স্বাঃ সদস্যই জেৰাকাৰীক জনোৱা মতে অসমলৈ ঘূৰি আহি আত্মসমৰ্পণ কৰাৰ বাহিৰে তেওঁলোকৰ হাতত আন কোনো বিকল্প নাছিল।

এই বছৰৰ ফেব্ৰুৱাৰিৰ পৰা ম্যানমাৰ আৰ্মি তাতমাদাও-এ এন এচ চি এন-খাপলাং-ৰ বিৰুদ্ধে আৰম্ভ কৰা ধাৰাবাহিক অভিযানৰ পিছত ম্যানমাৰত পৰিস্থিতি অতি বিপজ্জনক হৈ পৰিছে, আত্মসমৰ্পণকাৰী সদস্যকেইজনে জনায়।

যুদ্ধবিৰতিৰ গ্ৰাউণ্ড ৰুল ভংগ কৰাৰ অভিযোগত ম্যানমাৰ আৰ্মিয়ে এন এচ চি এন-কেৰ বিৰুদ্ধে বৃ্হৎ সামৰিক অভিযান আৰম্ভ কৰিছিল।

ম্যানমাৰ আৰ্মিয়ে এন এচ চি এন-কেক দোষ দিছে যদিও ভাৰতীয় বিদ্ৰোহীক ম্যানমাৰৰ পৰা নিৰ্মূল কৰিবলৈ নেইপিতাউৰ ওপৰত নতুন দিল্লীৰ হেঁচা থকাটো নিশ্চিত।

তা গাস্থিত আলফা-স্বাঃ, এন দি এফ বি আৰু মেইতেই বিদ্ৰোহীৰ আঠোটা প্ৰশিক্ষণ শিবিৰ ম্যানমাৰ আৰ্মিয়ে সম্পূৰ্ণৰূপে ধ্বংস কৰিছে, আত্মসমৰ্পণকাৰী সদস্যসকলে কয়।

ভুটান আৰু বাংলাদেশত আক্ৰমণৰ সন্মুখীন হোৱাৰ পিছত এন এচ চি এন-কেৰ তদানীন্তন মুৰব্বী এচ এচ খাপলাঙৰ সমৰ্থনত আলফাই প্ৰশিক্ষণ কেন্দ্ৰকেইটা স্থাপন কৰিছিল।

আত্মসমৰ্পণকাৰী আলফা-স্বাঃ সদস্যকেইজনে জনোৱা মতে শিবিৰৰ পৰা তেওঁলোকে পলায়ন কৰিব লগা হৈছিল, আৰু অঞ্চলটোত ম্যানমাৰ ধাৰাসাৰ মৰ্তাৰ আক্ৰমণৰ পৰা নিজকে বচাবলৈ বহু সপ্তাহ ধৰি জংঘলত লুকাই থাকিব লগা হৈছিল।

বাতৰি মতে আলফা-স্বাঃএ মে’জৰ জ্যোতিৰ্ময় অসমকে ধৰি কেইজনমান সেনানীও হেৰুৱাব লগা হৈছে। জংঘলত আত্মগোপন কৰা আন সদস্যসকল ভুগিব লগা হৈছিল তীব্ৰ খাদ্য সংকটত।

ম্যানমাৰৰ জংঘলত আলফা-স্বাঃ সদস্যসকল বিশৃংখল হৈ পৰাৰ ফলত তেওঁলোক সংগঠনটোৰ শীৰ্ষ নেতৃত্ব বিশেষকৈ সেনাপ্ৰধান পৰেশ বৰুৱাৰ সৈতে যোগাযোগ-বিচ্ছিন্ন হৈ পৰিল।

Paresh-Baruah-China-MapParesh Baruah shuttles between Dehong and Ruili

আত্মসমৰ্পণকাৰীসকলে জেৰাকাৰীক জনোৱা মতে ম্যানমাৰ আৰ্মিৰ আক্ৰমণৰ সময়ত পৰেশ বৰুৱা তা গাত নাছিল।

বেছিভাগ সময়তে বৰুৱাই চীনৰ ইউনানৰ দেহং আৰু ৰুইলিৰ দুটা গোপন নিৰাপদ স্থানত বাস কৰে, আত্মসমৰ্পণকাৰী কেইজনে জনায়।

দেহং আৰু ৰুইলি ম্যানমাৰ সীমান্তৰ সমীপৰ, আৰু আত্মসমৰ্পণকাৰী সদস্যকেইজনৰ মতে তা গাৰ প্ৰশিক্ষণ কেন্দ্ৰলৈ আলফা-স্বাঃ সেনাপ্ৰধানজন কাচিন প্ৰদেশৰ ভাম’ হৈ আহে।

আত্মসমৰ্পণকাৰীকেইজনে পৰেশ বৰুৱাৰ স্বাস্থ্য সম্পৰ্কে একো বিশেষ জনাব পৰা নাই। পূৰ্বে একাংশ মিদিয়াত প্ৰকাশ পাইছিল যে বৰুৱাৰ স্বাস্থ্য ভাল নহয়, আৰু তেওঁ চীনত চিকিৎসাধীন হৈ আছে।

ইউনানৰ ৰুইলিৰ দক্ষিণ-পশ্চিম দিশত জাইগাঁৱৰ ফাৰ্স্ত পীপলচ হস্পিটেলত সেনাপ্ৰধানজন চিকিৎসাধীন হৈ থকা বুলি বাতৰি ওলাইছিল।

আত্মসমৰ্পণকাৰী সদস্যকেইজনে জনাই যে তেওঁলোকে জনাত পৰেশ বৰুৱাৰ খুব বেছি দায়েবিটিজ আৰু বৃক্কৰ ৰোগ আছে।

চোৰাংচোৱা সংস্থাসমূহে দাবী কৰে যে দেহং আৰু ৰুইলিৰ উপৰি ইউনানৰে তেনচং আৰু নুইজাঙত পৰেশ বৰুৱাৰ আৰু কেইটামান আত্মগোপনৰ স্থান আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm
আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

September 7, 2025 8:33 pm
ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

September 7, 2025 7:51 pm
কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

September 7, 2025 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm
আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

September 7, 2025 8:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd