চিকিৎসালয়ৰ জৈৱ-আবৰ্জনা নিষ্কাশন প্ৰক্ৰিয়াত প্ৰৱৰ্তিত হ’ব বাৰ ক’ড ব্যৱস্থা

hospital-waste-collection-swing-bins-28biomedical-waste-bins-29-500x500

প্ৰতিনিধিত্বমূলক ফটো

অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে  জৈৱ-আবৰ্জনা নিষ্কাশন প্ৰক্ৰিয়া বিজ্ঞানসন্মত হোৱাতো নিশ্চিত কৰিবলৈ বাৰ ক’ড ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পদক্ষেপ গ্ৰহণ কৰিলে  ব্যক্তিগত আৰু চৰকাৰী চিকিৎসালয়সমূহে জৈৱ-আবৰ্জনাসমূহ য’তে-ত’তে পেলোৱা কাৰ্য ৰোধ কৰিবলৈ কৰ্তৃপক্ষ সক্ষম হ’ব।দ্য চেণ্টিনেলত প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশ যে এই ব্যৱস্থাৰে চিকিৎসালয়ৰ জৈৱ-আবৰ্জনাক  ইয়াৰ উৎপত্তিস্থানৰ পৰা নিষ্কাশনলৈকে সমস্ত চক্ৰটোক নিৰীক্ষণ কৰা হ’ব। ইয়াৰ সহায়ত জৈৱ-আবৰ্জনা সৃষ্টি কৰোঁতা আৰু ইয়াৰ নিষ্কাষণ স্থান জানিব পৰা যাব।

পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ অধীনস্থ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জৈৱ-আবৰ্জনাৰ সঠিক নিষ্কাষণৰ বাবে বাৰ কোড ব্যৱস্থাৰ ওপৰত এটা খচৰা নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিছে।

প্ৰস্তাৱিত এই বাৰ কোড.ব্যৱস্থাৰ বাৰ কোডত স্বাস্থ্যসেৱা কেন্দ্ৰটোৰ স্থান, পিন কোড আৰু ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে স্বাস্থ্যসেৱা কেন্দ্ৰটোক প্ৰদান কৰা একক চিনাকি ইত্যাদি সন্নিবিষ্ট থাকিব।

সমগ্ৰ উত্তৰ পূ ভাৰততে জৈৱ-আবৰ্জনা নিষ্কাশনৰ ব্যৱস্থাপনা কৰা আগশাৰীৰ কোম্পানী ফ্ৰেশ্ব এয়াৰ ৱাটাৰ মেনেজমেণ্ট ছাৰ্ভিচেছ প্ৰাঃ লিঃয়ে (Fresh Air Water Management Services Pvt. Ltd) অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত ইতিমধ্যে অসমৰ ৫খন জিলাৰ চিকিৎসা সেৱা কেন্দ্ৰতসমূহত পদ্ধতি বলৱৎ কৰাৰ প্ৰক্ৰিয়াৰ ওপৰত প্ৰশিক্ষণ আৰম্ভ কৰিছে। এই বাৰ কোড ব্যৱস্থা ২০১৯ৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ সকলো ৰাজ্যই বাস্তৱায়িত কৰাটো বাধ্যতামূলক হ’ব।