‘লাডাখৰ ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছতো শান্তি আৰু বুজাপৰা সম্ভৱ’ : চাইনা ডেইলীৰ দাবী

দুই পক্ষৰ মাজত জয় পৰাজয়ৰ ধাৰণা এটাৰ সৃষ্টি নহওক বুলি চীনে মৃত সৈনিকৰ সংখ্যা প্ৰকাশ কৰা নাই!

image.jpgrtt

লাডাখ সীমান্তত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত ৰক্তক্ষয়ী সংঘৰ্ষ হোৱাৰ পিছতো শান্তি আৰু স্থিতাৱস্থা বাহাল ৰখাৰ সম্ভৱ বুলি আশা প্ৰকাশ কৰিছে চীনৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰচাৰ বিভাগৰ পত্ৰিকা চাইনা ডেইলীএ।

প্ৰত্ৰিকাখনৰ ৱেবচাইত প্ৰকাশিত সম্পাদকীয়ত কোৱা হৈছে লাডাখৰ উক্ত ৰক্তক্ষয়ী সংঘৰ্ষত মাৰণাস্ত্ৰও ব্যৱহাৰ হোৱা নাছিল।

সেয়ে বেইজিঙৰ সদিচ্ছা থাকিলে শান্তি আৰু স্থিতাৱস্থা বাহাল ৰাখি ডেমেজ কন্ট্ৰল কৰা এতিয়াও সম্ভৱ বুলি দাবী চাইনা ডেইলীৰ।

চাইনা ডেইলীৰ দাবী যে সীমান্তৰ বিবাদ মীমাংসাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ চীনে আলোচনাৰ আৰম্ভণিৰ পৰাই গুৰুত্ব দি আহিছে।

এই কথা চীন বৈদেশিক মন্ত্ৰীয়ে ভাৰতৰ বৈদশিক মন্ত্ৰীক টেলিফোনিক বাৰ্তালাপত জনাইছে বুলি দাবী কৰিছে প্ৰত্ৰিকাখনে।

ইফালে শান্তি আৰু বুজাপৰাৰ বাৰ্তা দিলেও গালৱান উপত্যকাৰ সংঘৰ্ষৰ বাবে চীনে ভাৰতক দোষাৰোপ কৰি আহিছে।

চাইনা ডেইলীএ লিখিছে, “চীন সেনাৰ ওপৰত আক্ৰমণ কৰি ভাৰতীয় সেনাই দুবাৰকৈ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা আতিক্ৰম কৰিছে।”

চীনৰ বৈদেশিক মন্ত্ৰীয়ে এই কথা ভাৰতৰ বৈদেশিক মন্ত্ৰীক অৱগত কৰা বুলি উল্লেখ কৰিছে চাইনা ডেইলীএ।

অৱশ্যে সংঘৰ্ষৰ পৰা দুয়োপক্ষক সংযত আৰু সতৰ্ক হোৱাৰো আহ্বান দিছে চাইনা ডেইলীএ।

আনহাতে অতি কৌশলপূৰ্ণভাৱে চাইনা ডেইলীএ উল্লেখ কৰিছে যে দুই পক্ষৰ মাজত জয় পৰাজয়ৰ ধাৰণা এটাৰ সৃষ্টি নহওক বুলিয়ে চীনে তেওঁলোকৰ মৃত্যু হোৱা সৈনিকৰ সংখ্যা প্ৰকাশ কৰা নাই।

চাইনা ডেইলীৰ এই সম্পাদকীয় যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

কাৰণ বাস্তৱক্ষেত্ৰত চাইনা ডেইলীক চীন চৰকাৰৰ কণ্ঠস্বৰ বুলি কূটনৈতিক মহলে দাবী কৰে।