শান্তি দূত পুটিন! যুদ্ধৰ বিভীষিকাৰ মাজতে পুটিনৰ শান্তিৰ বাণী!

Putin on Russia-Ukraine war

ইউক্ৰেইন আক্ৰমণ কৰি সমগ্ৰ বিশ্ব সম্প্ৰদায়ৰ গৰিহণাৰ সন্মুখীন হোৱাৰ পাছত যুদ্ধৰ মাজতে এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে।

এক বিবৃতিত পুটিনে কয়, শান্তি সৰ্বগ্ৰহণযোগ্য আৰু গুৰুত্বপূৰ্ণ। ৰাছিয়া সদায়ে শান্তিৰ ধ্বজাবাহক হৈ থাকিব।

পুটিনে কয়, “আমি শান্তি বিচাৰো। আমি আলোচনা কৰিব  বিচাৰিছিলো আৰু মীমাংসা কৰিব বিচাৰিছিলো।মিনস্ক চুক্তি অনুসৰি, আমি ইউক্ৰেইনক ডনবাছ গণৰাজ্য পুনৰ একত্ৰিত কৰাৰ সুযোগ দিছিলো।”

“ইউক্ৰেইনে কেৱল ডনবাছ গণৰাজ্যৰ আৱাসিক স্থানত গুলীবৰ্ষণ বন্ধ কৰাৰ প্ৰয়োজন আছিল আৰু অঞ্চলটোত বাস কৰা লোকসকলৰ মতামত শুনাৰ প্ৰয়োজন আছিল।”‐ পুটিনে লগতে কয়।

বিবৃতিটোত উল্লেখ কৰা অনুসৰি ৰাছিয়াই এই বিষয়ত ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে আলোচনাৰ বাবে সাজু আছিল। কিন্তু ইউৰোপ আৰু আমেৰিকাই ৰাছিয়াৰ প্ৰস্তাৱক অৱহেলা কৰে বুলি দাবী কৰিছে পুটিনে।

এই গোটেই সময়ছোৱাত পশ্চিমে ইউক্ৰেইনৰ শাসনক সমৰ্থন কৰিছিল আৰু ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনক যুদ্ধৰ বাবে উচটনি যোগায় বুলিও পুটিনে অভিযোগ কৰিছে।

“ডনবাছত অসামৰিক লোকৰ বিৰুদ্ধে অস্ত্ৰ ব্যৱহাৰ কৰা হয় আৰু এই বাবে আমি ইউক্ৰেইনক অস্ত্ৰৰে সজ্জিত নকৰিবলৈ আমি দেশসমূহলৈ আহ্বান জনাইছিলো। কিন্তু আমাৰ মতামত উপেক্ষা কৰা হৈছিল।”- পুটিনে কয়।

ৰাছিয়াৰ সীমান্তত এই দেশসমূহে এটা নাটো বাহিনী সৃষ্টি কৰিছিল। আনহাতে ৰাছিয়াই সম্পাদন নকৰা কামৰ বাবেও ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি ৰাছিয়াক সংকুচিত কৰা অব্যাহত আছিল বুলি পুটিনে বিবৃতিটোতলগতে উল্লেখ কৰে।

আনহাতে ডনবাছত ৰাছিয়াৰ উচটনিৰ পৰিৱৰ্তে এয়া ইউক্ৰেইনৰ গৃহযুদ্ধহে আছিল বুলি মন্তব্য কৰিছে পুটিনে। কিন্তু এতিয়া ইউক্ৰেইনে ৰাছিয়াৰ দ্বাৰা স্বীকৃত ডনবাছ গণৰাজ্যৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে বুলি অভিযোগ কৰে পুটিনে।

পুটিনে লগতে কয়, “ইউক্ৰেইনৰ লোকসকল ৰাছিয়ান সকলৰ বাবে ভ্ৰাতৃত্বপূৰ্ণ লোক। কিন্তু ইউক্ৰেইনৰ নেতৃত্ব আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনৰ নাগৰিক সকলৰ মনত ৰাছিয়াৰ প্ৰতি ঘৃণাৰ প্ৰচাৰ কৰে।”

ৰাছিয়াই ইউক্ৰেইনৰ ভাতৃত্বপূৰ্ণ লোকসকলক মুক্ত কৰাৰ লগতে ৰাছিয়াৰ সৈতে বন্ধুত্বপূৰ্ণ মুক্ত আৰু স্বাধীন ইউক্ৰেইন গঠন কৰিব বুলি ঘোষণা কৰিছে পুটিনে।

আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰক ৰাছিয়াৰ সীমান্ত ৰাষ্ট্ৰৰ পৰা আঁতৰি যোৱাৰ লগতে ইউক্ৰেইনক আমেৰিকাৰ পুতলা হিচাপে বিবেচনা কৰা বন্ধ কৰিবলৈ সঁকিয়াই দিছে পুটিনে।

ৰাছিয়াৰ ইউক্ৰেইন অভিযানক শান্তি ৰক্ষাৰ অভিযান অভিধা দি পুটিনে শান্তি কঢ়িয়াই অনাৰ লগতে আক্ৰমণকাৰীক শান্ত কৰিব বুলি ঘোষণা কৰিছে।