তিনিচুকীয়া গণহত্যাৰ প্ৰতিবাদত শান্তি সমদল, জোঁৰ সমদল

IMG-20181102-WA0015

তিনিচুকীয়াৰ গণহত্যাৰ প্ৰতিবাদত ২ অক্টোবৰ শুকুৰবাৰে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ওদালগুৰিৰ জনসাধাৰণ ৰাজপথলৈ ওলাই আহি এই ঘৃণনীয় কাৰ্যৰ বিৰুদ্ধে মৌন প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবদী সমদলত শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰাটোও পৰিলক্ষিত হয়।

প্ৰতিবাদকৰীসকলে টংলা চহৰৰ কুকুৰাকটা এলেকাত থকা ৰাসখোলাত আহি সমৱেত হয়। তাৰ পৰাই সমদলটোৱে জোঁৰ লৈ টংলা চাৰিআলিৰ মাজেৰে শোভাযাত্ৰা কৰি গৈ টংলা ৰে’লৱে তিনিআলিত গৈ উপস্থিত হয়।

এই প্ৰতিবাদী সমদলত সদৌ অসম বাঙালী যুব ছাত্ৰ ফেডাৰেশ্যন, সদৌ বিটিচি বাঙালী যুব ছাত্ৰ ফেডাৰেশ্যন, বঙালী কল্যাণ পৰিষদ, আলোচনাপন্থী বাঙালী জাতীয় মুক্তি বাহিনীয়েও যোগদান কৰে।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত সদৌ অসম বাঙালী যুব ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি কমল চৌধুৰীয়ে ধলা হত্যাকাণঅডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু কয়, ‘পেটে-ভাতে খাই থকা, ৰাজনীতিৰ সৈতে কোনো পধ্যেই জড়িত নথকা এই লোকসকল উগ্ৰপন্থীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে।’

তেওঁ আৰু কয়, ‘শংকৰ-আজানৰ দেশত সকলো সম্প্ৰদায়ৰ লোকে জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায় নিৰ্বিশেষে মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে।’ ঘৃণাৰ সলনি শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তা জনগণৰ মাজলৈ লৈ যাবলৈ প্ৰতিটো সংগঠনকলৈ আহ্বান জনায়।

তেওঁ আৰু কয়, ‘অসমৰ সংস্কৃতি, ভাষা আপোন কৰি লৈ বাঙালী সকল অসমত মিলি গৈছে। আমি এখন বৰ-অসম গঠন কৰি বৃহত্তৰ অসমীয়া জাতিৰ এটা অংশ হ’বৰ বাবেহে প্ৰচেষ্টা কৰিব লাগে। আমি চৰকাকৰ বিষয়টোৰ ওপৰত এটা তদন্ত কৰিবলৈ আৰু কঠোৰ বৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছোঁ।