উত্তাপহীনভাৱে আজি পাৰ হ’ল সংযুক্ত মুক্তি বাহিনী, অসমৰ ৪০সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৭৯ চনৰ আজিৰ দিনটোতে কেইবাজনো জাতীয়তাবাদী নেতাই ৰংঘৰৰ বাকৰিত সূচনা কৰিছিল স্বাধীন অসমৰ সপোনেৰে সশস্ত্ৰ বিদ্ৰোহৰ।
কালৰ গতিত সংগঠনটোত বহু পৰিৱৰ্তন আহিল। স্বাধীনতাৰ সপোন খেদি সংগঠনটোলৈ যোৱা বহুতেই সংগ্ৰামৰ দীঘলীয়া বাট মাজতে এৰি থৈ আহিল। পৰেশ বৰুৱাৰ নেতৃত্বত এতিয়াও এটা বৃহৎ অংশই অব্যাহত ৰাখিছে সশস্ত্ৰ সংগ্ৰাম।
সশস্ত্ৰ সংগ্ৰাম এৰি অহা আনটো অংশই গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেৰে চৰকাৰৰ লগতে ‘শান্তি আলোচনা’ কৰি কিছুমান দাবী থিয় কৰালে।
কিন্তু দুখৰ কথা দুয়োটা পদ্ধতিতে অসমৰ বাবে একো ভাল খবৰ আনিব পৰা নাই সংগঠনটোৱে। শান্তি আলোচনাৰ নামত দিল্লীত বহুকেইটা মেজমেল বহাৰ পিছতো, আশ্বাস, প্ৰতিশ্ৰুতিৰ পিছতো একো সুফলৰ ৰেঙনি দেখা পোৱা নাই অসমবাসীয়ে।
যোৱা বছৰ এই দিনটোতে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজিজুৱে গুৱাহাটীত সংবাদমেলত আলফাৰ সকলো দাবী বৈধ আৰু ভাৰত চৰকাৰৰ সৈতে সংগঠনটোৰ শান্তি আলোচনা চূড়ান্ত স্তৰত আছে বুলি সদৰী কৰিছিল।
কিন্তু তাৰ এবছৰৰ পিছতো একো অগ্ৰগতিৰ উমঘাম নাই এই শান্তি আলোচনাৰ।
এই সন্দৰ্ভত আজি কেইবাজনো আলফা নেতাই সংবাদ মাধ্যমৰ আগত হতাশা আৰু উদ্বিগ্নতা প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে আলোচনাপন্থী আলফাক নিৰাশ কৰিছে বুলি বঙাইগাঁৱত মন্তব্য সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ।
“কোনো নেতাই আলোচনা সম্পৰ্কত বক্তব্য ৰখা নাই। এই কথাই আমাক নিৰাশ কৰিছে। ৰাইজৰ মাজতো প্ৰশ্নৰ উদ্ৰেক হৈছে প্ৰকৃততে আলফাৰ সৈতে কেন্দ্ৰীয় চৰকাৰে কি আলোচনা কৰিছে?” বঙাইগাঁৱত ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি চেতিয়াই এইদৰে কয়।
ইপিনে, প্ৰধানতঃ ৰাষ্ট্ৰীয় দল বিজেপি আৰু কংগ্ৰেছে সংযুক্ত মুক্তি বাহিনীৰ সম্পৰ্কত কি স্থিতি গ্ৰহণ কৰিব, সেই কথা ঘোষণা কৰিবৰ বাবে প্ৰতিষ্ঠা দিৱসৰ দিনাই চেতিয়াই আহ্বান জনায়।
নিৰ্বাচনৰ প্ৰসংগত চেতিয়াই কয়, “ব্যক্তিগতভাৱে আমি ভোটদানৰ পৰা বিৰত থাকিম, কাক ভোট দিব লাগে বা নালাগে সেই বিষয়ত ৰাইজক কোনো আহ্বান নজনাওঁ।”
আনহাতে, কাকপথাৰ কেম্পত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি ‘কেন্দ্ৰীয় চৰকাৰে প্ৰকৃততে আলফাৰ সমস্যাৰ সমাধান বিচাৰে নে?’ বুলি প্ৰশ্ন কৰে সংগঠনটোৰ ২৮ নং বেটেলিয়ানৰ প্ৰাক্তন সেনাধক্ষ্য প্ৰবাল নেওগে।
“যুদ্ধবিৰতি ঘোষণা কৰাৰ পৰা আজিৰ তাৰিখলৈকে আলোচনাৰ নামত কেৱল আলোচনাহে হৈ আছে। সমস্যাৰ কোনো সমাধান হোৱা নাই। এই ক্ষণত কেন্দ্ৰীয় চৰকাৰক ক’ব বিচাৰিছো আপোনালোকে সঁচা অৰ্থত আলোচনা বিচাৰে নে নিবিচাৰে?” প্ৰবাল নেওগে কয়।
‘দিনক দিনে সমস্যা গভীৰৰ পৰা গভীৰতৰ হৈ গৈ আছে’ বুলি মন্তব্য কৰি নেওগে কয়, “যদি এই ধৰণেই হয়, তেন্তে কেন্দ্ৰীয় নেতৃত্বৰ বাবে এক অগ্নি পৰীক্ষাৰ সময় আহি পৰিছে।”
আনহাতে, এন ডি এ চৰকাৰ অহাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ আমোলা পৰ্য্যায়ৰ লোকৰ সৈতেহে আলোচনা হোৱাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে আলফা নেতা জিতেন দত্তই।
দত্তই কয়, “২০১১ চনৰ পৰা আজিলৈকে কেৱল আলোচনাই চলি আছে। যোৱা ৫ বছৰত কেৱল ৩ লানি আমোলা পৰ্য্যায়ৰ আলোচনা হ’ল। কিন্তু এই আলোচনাৰ ফলাফল কি আজিলৈকে কোনেও গম পোৱা নাই।”
তদুপৰি, কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ নামত সময়বোৰ অপচয় কৰি আছে বুলি মন্তব্য কৰি দত্তই কয় “আমাৰ কেম্পৰ সাহসী আৰু জাতীয় চেতনা থকা ল’ৰাবোৰক নিষ্ক্ৰিয় কৰি পেলোৱা হৈছে। আজিৰ দিনটোৰ পৰা কৰ্ম সংস্কৃতিৰে ল’ৰাসমূহক সংস্কৃতিৱান কৰিম।”
মন কৰিব লগীয়া যে যোৱা ৫ বছৰ আমোলা পৰ্য্যায়ত আলোচনা হৈ আহিছে যদিও প্ৰধান মন্ত্ৰী বা কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে এবাৰলৈয়ো আলোচনাপন্থী আলফাৰ সৈতে আলোচনাত বহা নাই।