• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফাৰ সংগ্ৰামৰ ৪০টা বছৰ : কেৱল আমোলা পৰ্য্যায়তহে আলোচনা চলিছে; নিৰাশ আলফা নেতা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 7, 2019 9:11 pm
Ulfa_Main
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তাপহীনভাৱে আজি পাৰ হ’ল সংযুক্ত মুক্তি বাহিনী, অসমৰ ৪০সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৭৯ চনৰ আজিৰ দিনটোতে কেইবাজনো জাতীয়তাবাদী নেতাই ৰংঘৰৰ বাকৰিত সূচনা কৰিছিল স্বাধীন অসমৰ সপোনেৰে সশস্ত্ৰ বিদ্ৰোহৰ।

কালৰ গতিত সংগঠনটোত বহু পৰিৱৰ্তন আহিল। স্বাধীনতাৰ সপোন খেদি সংগঠনটোলৈ যোৱা বহুতেই সংগ্ৰামৰ দীঘলীয়া বাট মাজতে এৰি থৈ আহিল। পৰেশ বৰুৱাৰ নেতৃত্বত এতিয়াও এটা বৃহৎ অংশই অব্যাহত ৰাখিছে সশস্ত্ৰ সংগ্ৰাম।

Apply Now

সশস্ত্ৰ সংগ্ৰাম এৰি অহা আনটো অংশই গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেৰে চৰকাৰৰ লগতে ‘শান্তি আলোচনা’ কৰি কিছুমান দাবী থিয় কৰালে।

কিন্তু দুখৰ কথা দুয়োটা পদ্ধতিতে অসমৰ বাবে একো ভাল খবৰ আনিব পৰা নাই সংগঠনটোৱে। শান্তি আলোচনাৰ নামত দিল্লীত বহুকেইটা মেজমেল বহাৰ পিছতো, আশ্বাস, প্ৰতিশ্ৰুতিৰ পিছতো একো সুফলৰ ৰেঙনি দেখা পোৱা নাই অসমবাসীয়ে।

যোৱা বছৰ এই দিনটোতে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজিজুৱে গুৱাহাটীত সংবাদমেলত আলফাৰ সকলো দাবী বৈধ আৰু ভাৰত চৰকাৰৰ সৈতে সংগঠনটোৰ শান্তি আলোচনা চূড়ান্ত স্তৰত আছে বুলি সদৰী কৰিছিল।

কিন্তু তাৰ এবছৰৰ পিছতো একো অগ্ৰগতিৰ উমঘাম নাই এই শান্তি আলোচনাৰ।

এই সন্দৰ্ভত আজি কেইবাজনো আলফা নেতাই সংবাদ মাধ্যমৰ আগত হতাশা আৰু উদ্বিগ্নতা প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে আলোচনাপন্থী আলফাক নিৰাশ কৰিছে বুলি বঙাইগাঁৱত মন্তব্য সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ।

“কোনো নেতাই আলোচনা সম্পৰ্কত বক্তব্য ৰখা নাই। এই কথাই আমাক নিৰাশ কৰিছে। ৰাইজৰ মাজতো প্ৰশ্নৰ উদ্ৰেক হৈছে প্ৰকৃততে আলফাৰ সৈতে কেন্দ্ৰীয় চৰকাৰে কি আলোচনা কৰিছে?” বঙাইগাঁৱত ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি চেতিয়াই এইদৰে কয়।

ইপিনে, প্ৰধানতঃ ৰাষ্ট্ৰীয় দল বিজেপি আৰু কংগ্ৰেছে সংযুক্ত মুক্তি বাহিনীৰ সম্পৰ্কত কি স্থিতি গ্ৰহণ কৰিব, সেই কথা ঘোষণা কৰিবৰ বাবে প্ৰতিষ্ঠা দিৱসৰ দিনাই চেতিয়াই আহ্বান জনায়।

নিৰ্বাচনৰ প্ৰসংগত চেতিয়াই কয়, “ব্যক্তিগতভাৱে আমি ভোটদানৰ পৰা বিৰত থাকিম, কাক ভোট দিব লাগে বা নালাগে সেই বিষয়ত ৰাইজক কোনো আহ্বান নজনাওঁ।”

আনহাতে, কাকপথাৰ কেম্পত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি ‘কেন্দ্ৰীয় চৰকাৰে প্ৰকৃততে আলফাৰ সমস্যাৰ সমাধান বিচাৰে নে?’ বুলি প্ৰশ্ন কৰে সংগঠনটোৰ ২৮ নং বেটেলিয়ানৰ প্ৰাক্তন সেনাধক্ষ্য প্ৰবাল নেওগে।

“যুদ্ধবিৰতি ঘোষণা কৰাৰ পৰা আজিৰ তাৰিখলৈকে আলোচনাৰ নামত কেৱল আলোচনাহে হৈ আছে। সমস্যাৰ কোনো সমাধান হোৱা নাই। এই ক্ষণত কেন্দ্ৰীয় চৰকাৰক ক’ব বিচাৰিছো আপোনালোকে সঁচা অৰ্থত আলোচনা বিচাৰে নে নিবিচাৰে?”  প্ৰবাল নেওগে কয়।

 

‘দিনক দিনে সমস্যা গভীৰৰ পৰা গভীৰতৰ হৈ গৈ আছে’ বুলি মন্তব্য কৰি নেওগে কয়, “যদি এই ধৰণেই হয়, তেন্তে কেন্দ্ৰীয় নেতৃত্বৰ বাবে এক অগ্নি পৰীক্ষাৰ সময় আহি পৰিছে।”

আনহাতে, এন ডি এ চৰকাৰ অহাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ আমোলা পৰ্য্যায়ৰ লোকৰ সৈতেহে আলোচনা হোৱাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে আলফা নেতা জিতেন দত্তই।

দত্তই কয়, “২০১১ চনৰ পৰা আজিলৈকে কেৱল আলোচনাই চলি আছে। যোৱা ৫ বছৰত কেৱল ৩ লানি আমোলা পৰ্য্যায়ৰ আলোচনা হ’ল। কিন্তু এই আলোচনাৰ ফলাফল কি আজিলৈকে কোনেও গম পোৱা নাই।”

তদুপৰি, কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ নামত সময়বোৰ অপচয় কৰি আছে বুলি মন্তব্য কৰি দত্তই কয় “আমাৰ কেম্পৰ সাহসী আৰু জাতীয় চেতনা থকা ল’ৰাবোৰক নিষ্ক্ৰিয় কৰি পেলোৱা হৈছে। আজিৰ দিনটোৰ পৰা কৰ্ম সংস্কৃতিৰে ল’ৰাসমূহক সংস্কৃতিৱান কৰিম।”

মন কৰিব লগীয়া যে যোৱা ৫ বছৰ আমোলা পৰ্য্যায়ত আলোচনা হৈ আহিছে যদিও প্ৰধান মন্ত্ৰী বা কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে এবাৰলৈয়ো আলোচনাপন্থী আলফাৰ সৈতে আলোচনাত বহা নাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd