• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় সংগীত জগতৰ একমেব অদ্বিতীয়ম শিল্পীগৰাকী! সুধাকণ্ঠৰ ওপজা দিনত একাঁজলি শ্ৰদ্ধাঞ্জলি

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
September 8, 2024 10:27 am
সুধাকণ্ঠ ভূপেন হাজৰিকা। ফাইল ফটোঃ সংগ্ৰহীত।

সুধাকণ্ঠ ভূপেন হাজৰিকা। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ অনন্য সুৰ, কণ্ঠ, সংগীত তথা কথাৰে বিশ্বৰ সংগীত জগতক মুগ্ধ কৰি তোলা অসমীয়াৰ অনুপ্ৰেৰণাৰ উৎস ভূপেন হাজৰিকাৰ পৰিচয় বিশ্বজনীন। মানুহৰ হৃদয়ত যিগৰাকী শিল্পীৰ সংগীতৰ বসবাস, যিগৰাকী শিল্পীৰ গীতৰ কথাই একোটা কাহিনীৰে, একোখন ছবিৰে অনুৰাগীৰ মনক আন্দোলিত কৰি যায়, তেওঁৱেই সকলোৰে হিয়াৰ আমঠু ভূপেনদা।  

আজি সেইগৰাকী সুধাকণ্ঠ, অসমীয়াৰ আৱেগ ভাৰতৰত্ন ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী। সমগ্ৰ অসমৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্ৰান্ততো শিল্পীগৰাকীক তেওঁৰ অজস্ৰ অনুৰাগীয়ে সুঁৱৰিছে।

মানৱতা আৰু বিশ্ব ভাতৃত্ববোধৰ ভাৱধাৰাৰে নিজেই অসমীয়াত ৰচনা কৰা আৰু কণ্ঠদান কৰা সুধাকণ্ঠৰ গানসমূহ হিন্দী আৰু বাংলাকে ধৰি বিভিন্ন ভাষালৈ অনুবাদ হৈ পৰিৱেশিত হৈছে। সেয়ে, শিল্পীগৰাকীৰ আদৰ দেশ-বিদেশতো বিয়পি ৰৈছে। ভাৰতৰ বাহিৰেও বিশ্বৰ বিভিন্ন প্ৰান্তত বিশেষকৈ বাংলাদেশত সুধাকণ্ঠৰ জনপ্ৰিয়তা অতুলনীয়। সীমাৰ পৰিধি ভাঙি শিল্পীগৰাকীৰ গীতে সৰ্বত্ৰে সৌৰভ বিলাইছে।

অসমৰ জাতীয় জীৱনত অপৰিসীম প্ৰভাৱ পেলোৱা শিল্পী ভূপেন হাজৰিকাই অসমীয়াৰ মনত ৰোপন কৰি যোৱা ‘মোৰ আইক ভালপাঁও বুলিলে জানো, আনৰ আইক ঘিণ কৰাটো বুজাব?’ দৰাচলতে এক বিশ্বজনীন আদৰ্শৰ আধাৰ। বিশ্বায়নৰ আজিৰ দিনত সকলো জাতি-জনগোষ্ঠীয়ে এক সাংস্কৃতিক অৱক্ষয়ৰ শংকাত ভূগি থকাৰ সময়ত সকলোৱে এই ভাৱধাৰাৰে আগবঢ়া উচিত। অৰ্থাৎ নিজৰ সংস্কৃতিৰ প্ৰতি প্ৰগাঢ় অনুৰাগ ৰাখিয়েই বিশ্ব নাগৰিক হোৱাৰ প্ৰয়াস কৰা উচিত!

সুধাকণ্ঠৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ আছিল তেওঁৰ গণ সংযোগ। ইয়াৰ মাধ্যমেৰে তেওঁ বিভিন্ন শ্ৰেণীৰ লোকৰ অন্তৰত প্ৰৱেশ কৰিছিল আৰু অন্তৰ জয় কৰিছিল। সেয়ে, তেওঁ গণ শিল্পী। তেওঁ যেনেকৈ বঞ্চিত, নিপীড়িত জনৰ মনৰ কথা সাৱলীল ৰূপত গানৰ মাজেৰে প্ৰকাশ কৰিছিল, তেনেকৈ বৌদ্ধিক চিন্তা-চেতনাকো গানৰ মাজেৰে তুলি ধৰিছিল। সমাজৰ এনে কোনো স্তৰৰ ব্যক্তি নাই যাৰ মনৰ দিগন্তত শিল্পীগৰাকীয়ে বিচৰণ কৰা নাই।

আৰু জীৱনমুখী গান? ভাৰতীয় আধুনিক সংগীতত জীৱনমুখী গানৰ স্ৰষ্টা আছিল সুধাকণ্ঠ ভূপেন হাজৰিকা। জীৱনক ভালপোৱা, গ্ৰাম্য সমাজৰ নিখুঁত চিত্ৰকাৰ, সুখ-দুখৰ অনুভুতি, অন্তৰাত্মাৰ ব্যথা-আনন্দ আৰু প্ৰকৃতিৰ নিৰ্ভাৰ সৌন্দৰ্যৰ সুৰীয়া অভিব্যক্তি-এই সকলোৰে মূৰ্তমান সুধাকণ্ঠৰ স্মৃতি। লোক সংগীতৰ আধাৰত সৃষ্টি কৰা তেওঁৰ গীতসমূহে এটা চিৰন্তন আবেদন লাভ কৰিছে। অসমীয়া সংগীতত তেওঁৰ এই অতুলনীয় ধাৰাটোৰ ব্যাপক চৰ্চা হোৱাটো অত্যন্ত আদৰণীয় হ’ব।

আজি এই মহান শিল্পীগৰাকীৰ ওপজা দিনত তেওঁৰ সৃষ্টিৰ সোঁৱৰণেৰে তেওঁৰ গানৰ ‘হাজাৰ শ্ৰোতা’ৰ মন উদ্বেলিত কৰি প্ৰাণ পাই উঠিছে। প্ৰতিজন অসমীয়াৰ লগতে বিশ্বৰ অজস্ৰ অনুৰাগীৰ হৃদয়ত যুগ যুগ ধৰি যাযাবৰী শিল্পীগৰাকীৰ অননুকৰণীয় সংগীতে লহৰ তুলিব তাত কোনো সন্দেহ নাই।  

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd