চৰকাৰী নিৰ্দেশক সন্মান জনাই শিৱসাগৰৰ ইছলামধৰ্মী লোকসকলে ঘৰতে নামাজ পঢ়ি পালন কৰিলে ঈদ

আজি পৱিত্ৰ ঈদ ঊল ফিতৰ। এমাহ জোৰা ৰোজাৰ পাছত ইছলামধৰ্মী লোকসকলৰ বাবে আজিৰ দিনটো এক পৱিত্ৰ দিন।

সমগ্ৰ বিশ্বজুৰি ক’ৰ’না মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ ফলত মানুহৰ জীৱন বচোৱাৰ বাবে প্ৰায়বোৰ দেশতে ল’কডাউন ঘোষণা কৰা হৈছে।

ল’কডাউনৰ মাজতে ইছলাম ধৰ্মী লোকসকলে আজি পৱিত্ৰ ঈদ উল ফিতৰ উদযাপন কৰে।

ৰাজ্যৰ ঈদগাহ সমূহৰ লগতে শিৱসাগৰৰ মছজিদ ঈদগাহতো আজি নিমাওমাও পৰিৱেশে বিৰাজ কৰে।

চৰকাৰী নীতি-নিৰ্দেশনাক সন্মান জনাই শিৱসাগৰৰ ইছলাম ধৰ্মালম্বী লোক সকলে আজি ঘৰতে থাকি নামাজ পঢ়ে। প্ৰশাসনৰ নিৰ্দেশক সন্মান জনাই ৪/৫জন ব্যক্তি একত্ৰিত হোৱাৰ বিপৰীতে  সকলোৱে ঘৰতে আদায় কৰিছে নামাজ।

আনহাতে, মহিলাসকলেও পৰিয়ালৰ মাজতে ঈদ উদযাপন কৰিবলৈ ঘৰতে বিভিন্ন মিঠাই পিঠা-পনা প্ৰস্তুত কৰে। সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখি পৱিত্ৰ ঈদ উল ফিতৰ পালন কৰে।

ক’ৰ’না মহামাৰীৰ বাবে সকলোৱে ব্যতিক্ৰমী ৰূপত ঘৰতে থাকি স্নেহ, ভাতৃত্ববোধেৰে এইবাৰৰ ঈধ উদযাপন কৰে।