মেজিৰ জুইক সাক্ষী কৰি নাগৰিকত্ব বিধেয়ক আনিব খোজাসকলৰ নাম নুমাবলৈ অভিশাপ

ৰাজ্যৰ চৌদিশে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ চলি থকাৰ মাজতে আজি শিৱসাগৰবাসীয়েও মেজিৰ আনন্দৰ লগতে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।  জিলাখনৰ শলগুৰি, আইলাহাবি, পানবেচা, গড়কাষৰিয়া আদি অঞ্চলৰ ৰাইজে এই বিধেয়কৰ বিৰুদ্ধে মেজিস্থলীৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰে।

জিলাখনৰ শলগুৰি অঞ্চলৰ শলগুৰি শংকৰী কলাকৃষ্টি সমিতিয়ে আয়োজন কৰা ভোগালী উৎসৱত আজি পুৱা শলগুৰি নামঘৰৰ মেজি জুইৰ কাষত গাঁৱৰ বয়োজ্যেষ্ঠ পুৰুষ-মহিলা সকলোৱে নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত হাতে হাতে বেনাৰ লৈ তীব্ৰ প্ৰতিবাদ জনায়। লগতে মেজিৰ জুইৰ সন্মুখতে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’বলৈ দিয়া নহ’ব বুলি প্ৰতিজ্ঞাবদ্ধ হয়।

একেদৰে গড়কাষৰীয়া অঞ্চলৰ ৰাইজেও মেজি জুইৰ সন্মুখত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। গাঁৱৰ বয়োজ্যেষ্ঠ কেইজনে ক্ষুভিত হৈ মেজি জুইৰ সন্মুখত অভিশাপ দি কয় যে যি সকলে এই জাতিধ্বংসী বিধেয়কখন গৃহীত কৰিবলৈ চেষ্টা কৰি আছে সেই সকলৰ নাম অসমৰ পৰা নাইকিয়া হৈ যাব।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবেই এইবাৰ অসমবাসীয়ে অতিকে চেনেহৰ বিহুটিক আনন্দ আৰু বিষাদৰ মীজেৰে পাৰ পৰিব লগা হোৱাত ক্ষোভ প্ৰকাশ কৰিছে শিৱসাগৰবাসীয়ে। লগতে এই বিধেয়ক বাতিল কৰি ভৱিষ্যত প্ৰজন্মৰ লগতে অসমীয়া জাতি আৰু সংস্কৃতি ৰক্ষা কৰাৰ বাবে স্থানীয় ৰাইজে দাবী জনায়।

অনহাতে  ভোগালী বিহুৰ দিনাই শিৱসাগৰ জিলাৰ পাটসাঁকোত টাই আহোম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত ৬ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। আমগুৰিতো নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে অৱস্থান ধৰ্মঘট পালন কৰে। আমগুৰি চাৰিআলিত সংগঠনটোৰ আমগুৰি আঞ্চলিকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।