আজি সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে অসম দিৱস। ইতিহাস সৃষ্টিকাৰী ৬০০ বছৰীয়া আহোম ৰাজত্বৰ প্ৰথম গৰাকী স্বৰ্গদেউ চাওলুং চুকাফাক আজি অসমবাসীয়ে স্মৰণ কৰিছে। বৰ অসমৰ ভেঁটি গঢ়োতা মহান স্বৰ্গদেউ গৰাকীৰ স্মৃতিত পালন কৰা হৈছে চুকাফা দিৱস বা অসম দিৱস।
১২২৮ খৃষ্টাব্দৰ আজিৰ দিনটোতেই মধ্যযুগীয় বৰ অসমৰ প্ৰথমজন স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পৰ্বত হৈ অসমত প্ৰৱেশ কৰিছিল।
ইয়াৰ পিছতে অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি ১২৫৩ খৃষ্টাব্দত চৰাইদেউত অসমৰ প্ৰথমখন ৰাজধানী প্ৰতিষ্ঠা কৰে।
প্ৰায় ৬০০ বছৰ শাসন কৰা আহোম ৰাজত্বই এই সুদীৰ্ঘ সময়ছোৱাত বিভিন্ন জাতি-উপজাতিক একত্ৰিত কৰি ৰখাত অভূতপূৰ্ব অৱদান আগবঢ়াই গৈছে।
বৰ অসম গঢ়াত তথা বৃহৎ অসমীয়া জাতি গঢ়াত চুকাফাৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।
স্বৰ্গদেউ চাওলুং চুকাফাই তেওঁৰ বীৰত্ব আৰু বিচক্ষণতাৰে ৩৯ বছৰ ৪ মাহ ৰাজত্ব কৰি বিশাল আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।
মুং দৌণ চুণ খাম অৰ্থাৎ সোণৰ বাগিছাৰ দেশ হিচাপে বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰা স্বৰ্গদেউ গৰাকীৰ মহান আদৰ্শ আৰু বিশাল মানসিকতাৰ বাবেই সমগ্ৰ বিশ্বতে অসমীয়া এটা সুকীয়া স্বাভিমানী জাতি হিচাপে মূৰ দাঙি থাকিবলৈ সক্ষম হৈছে।