আজি দেশজুৰি নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিলে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ পিছতে উত্তাল হৈ পৰিছে অসম। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিবাদমুখৰ হৈ পৰিছে জনসাধাৰণ। সামাজিক মাধ্যমতো উঠিছে প্ৰতিবাদৰ জোৱাৰ।
ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহেও কাৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে। বিগত কা আন্দোলনৰ পিছতে গঢ় লৈ উঠা ৰাইজৰ দলে এক বিবৃতি প্ৰকাশ কৰি ৰাজ্যবাসীক সৰ্বাত্মক প্ৰতিবাদ গঢ়ি তুলিবলৈ আহ্বান জনাইছে।
ৰাইজৰ দলে কয়, “অসমবাসীৰ সুদীৰ্ঘ প্ৰতিবাদ, ৫ জন তেজাল যুৱকৰ আত্মবলিদানৰ পিছতো বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে চৰম স্বেচ্ছাচাৰীতাৰে অসমবাসীৰ স্বাৰ্থৰ পৰিপন্থী, সংবিধান বিৰোধী যি ‘কা’ আইন বলবৎ কৰিলে, সেইয়া অসমবাসী তথা সমগ্ৰ গণতান্ত্ৰিক জনগণৰ প্ৰতি এক বৃহৎ অপমান।”
অসমৰ খিলঞ্জীয়া লোকক অসমতেই সংখ্যালঘু কৰি এই আইনৰ জৰিয়তে অসমৰ ভাষিক, সাংস্কৃতিক স্বকীয়তাৰ ওপৰত শেষৰ গজালটো মাৰিব বিচৰা হৈছে বুলি ৰাইজৰ দলে উল্লেখ কৰে। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰি স্বদেশী কৰিব খোজা এই আইনে ভৱিষ্যতে অসমত লাখ লাখ বিদেশীৰ সংস্থাপনৰ বাট মুকলি কৰিব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।
“অসমবাসীয়ে নিজৰ ৰাজ্যত ৰাজনৈতিক, অৰ্থনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিব লাগিব। আমাৰ চুবুৰীয়া ত্ৰিপুৰী সকলেই সেই চৰম বিপৰ্যয়ৰ এক জ্বলন্ত উদাহৰণ।”- ৰাইজৰ দলে লগতে কয়।
সেয়েহে ৰাইজৰ দলে অসমবাসীক জাতিৰ এই সংকট কালত দল মত বৰ্ণ নিৰ্বিশেষে গণতান্ত্ৰিক ভাৱে এই অসমবিৰোধী আইনৰ প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।