• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাহেকত দুই-তিনিবাৰকৈ প্ৰধান মন্ত্ৰীকে ধৰি বিজেপিৰ কেন্দ্ৰীয় নেতাৰ অসমলৈ সোঁত বৈছে কিয়?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 5, 2021 8:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহাগ আহে আৰু বহাগ যায়। বহাগৰ আগমণৰ লগে লগে কুলিৰ মিঠা মাত শুনিবলৈ পোৱা যায়। প্ৰতি ৫ বছৰৰ মূৰে মূৰে নিৰ্বাচন আহে আৰু যায়, কুলিৰ সুললিত কন্ঠৰ দৰে নেতা-মন্ত্ৰীসকলৰ মুখৰ পৰা বৰষে বহু মিঠা-মিঠা আশ্বাস তথা প্ৰতিশ্ৰুতি।

নিৰ্বাচনৰ পূৰ্বে কোনো এখন ৰাজ্যলৈ শাসনাধীষ্ঠ দলটোৰ প্ৰধান মন্ত্ৰীকে ধৰি অন্য কেন্দ্ৰীয় মন্ত্ৰী বা নেতৃত্বৰ অসমলৈ অহাটো কোনো ডাঙৰ কথা নহয়। কোনো চৰকাৰী আঁচনিৰ শুভাৰম্ভ কৰাৰ অচিলা লৈ সকলোৰে এটাই উদ্দেশ্য।  সেইটো হৈছে নিৰ্বাচনী প্ৰচাৰ।

কিন্তু এইখিনিতে এটা প্ৰশ্ন উত্থাপন হয় কিয় চলিত বৰ্ষত সঘনাই অসমলৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সোঁত ব’বলৈ আৰম্ভ কৰিছে? যোৱা ২৬ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসমলৈ আগমণ ঘটিছিল। উদ্দেশ্য আছিল অসম দৰ্শন আঁচনিৰ শুভাৰম্ভ কৰা। কিন্তু তাৰ মাজৰেই অসমৰ আন্দোলনকাৰীসকলৰ লগতে কংগ্ৰেছক কঠোৰ সমালোচনাৰে একপ্ৰকাৰে নিৰ্বাচনী ৰণডংকা বজাই থৈ গ’ল কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে। তাৰ পাছত পুনৰ ২৩ জানুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছিল অমিত শ্বাহ। কোকৰাঝাৰৰ এক চৰকাৰী অনুষ্ঠানৰ পাছতে নলবাৰীত এক প্ৰচাৰ সভাত ভাগ ল’লে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে।

পিছে ৰ’ব। এটা কথা মন কৰিলে আপুনিও আচৰিত হ’ব যে, যোৱা ২৩ জানুৱাৰীৰ দিনা ঐতিহ্যমণ্ডিত শিৱসাগৰৰ জেৰেঙা পথাৰত ১ লাখ ৬ হাজাৰ লোকক ভুমিৰ পট্টা দিবলৈ আহিছিল দেশৰ প্ৰধানমন্ত্ৰী। তেওঁৰ মুখতো শুনা গৈছিল নিৰ্বাচন কেন্দ্ৰিক ভাষণেই।

পুনৰ ৭ ফেব্ৰুৱাৰীত দুখনকৈ মেডিকেল কলেজৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে ঢেকিয়াজুলিত আহি উপস্থিত হ’বহি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

শুনা মতে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগমুহূৰ্তলৈকে আৰু মুঠ ৪ বাৰ অসমলৈ আহিব প্ৰধান মন্ত্ৰীগৰাকী।

আনহাতে, প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণৰ আগদিনা অৰ্থ্যাৎ কাইলৈ গুৱাহাটীত উপস্থিত হ’বহি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। সীতাৰমণে ধন পুৰস্কাৰ মেলা আঁচনিৰ অধীনত চাহ বাগিছাৰ শ্ৰমিকসকলক ৩ হাজাৰ টকাকৈ তৃতীয় কিস্তি প্ৰদান কৰিব।

ইপিনে, এক সুত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিয়ে ব্যয় কৰিব প্ৰায় ২০০ কোটি টকা। নিৰ্বাচনী চমক সৃষ্টি কৰিবলৈ বিজেপিয়ে আকাশমাৰ্গত উৰুৱাব ৪ খনকৈ হেলিকপ্তাৰ। এখন কেন্দ্ৰীয় নেতৃত্বৰ বাবে, এখন মুখ্যমন্ত্ৰী, এখন প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, এখন বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ব্যৱহাৰ কৰিব। তাৰোপৰি ইতিমধ্যে বিজেপিয়ে নিৰ্বাচনী চমক সৃষ্টি কৰিবলৈ নতুনকৈ মুকলি কৰিব ৩৭ হাজাৰ হোৱেটছএপ গ্ৰুপ।

স্বাভাৱিকতে প্ৰশ্ন হৈছে প্ৰকৃততে যদি অসমৰ উন্নয়ন হৈছে বা তাহানিতে দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিব পাৰিছে তেন্তে ইমানবোৰ নিৰ্বাচনী তৎপৰতাৰ প্ৰয়োজন ক’ত? এদিনৰ পাছত আন এগৰাকী কেন্দ্ৰীয় নেতৃত্বৰ অসমলৈ অহাৰ প্ৰয়োজন কি? বিজেপিয়ে কৰা উন্নয়নবোৰ চাই তেওঁলোকক ভোট নিদিব নেকি অসমৰ জনসাধাৰণে?

ইয়াৰ অন্তৰালত জাতীয়তাবাদৰ উত্থান নেকি? আঞ্চলিকতাবাদৰ উত্থান দেখি শংকিত হৈছে নেকি বিজেপি? এমাহৰ ভিতৰত সেয়েহে দুবাৰকৈ প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ অসমলৈ আগমণ ঘটিল নেকি?

এই সন্দৰ্ভত মুখ খুলিছে অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভুঞাৰ লগতে অন্য নেতৃত্বই।

জগদীশ ভুঞাই আমাৰ সাংবাদিকৰ আগত কয় ‘জাতীয় পৰিষদ জন্ম হোৱাৰ সময়ত তুচ্ছ-তাচ্ছিল্য কৰা বিজেপি দলে জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সমন্বিতে আগবঢ়াৰ ৰণকৌশল দেখি তৰা-নৰা চিঙি গোটেই দিল্লীৰ নেতাসকল উঠি আহিব বিচাৰিছে অসমলৈ। এটা মাহৰ ভিতৰত দুবাৰকৈ প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসম ভ্ৰমণ অভাৱনীয় কথা।‘

আনহাতে, এই সন্দৰ্ভত অজাপৰ প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘ইমানদিনে তেওঁলোকে অসমৰ বহুকেইটা সমস্যা পাৰ হৈ যোৱাৰ পাছতো অসম ভ্ৰমণৰ বাবে কিয় অহা নাছিল? সঘনাই কেন্দ্ৰীয় নেতৃত্বৰ আগমনে এই কথাটো উনুকিয়াই যে বিজেপিৰ ভৰিৰ তলৰ মাটি নাইকিয়া হৈছে।

ৰাইজৰ দলৰ নেতৃত্বইয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

যোৱা চাৰে চাৰিবছৰে কেন্দ্ৰীয় নেতৃত্বৰ অসমলৈ আহিবলৈ কিয় এবাৰো সময় নহ’ল? নিৰ্বাচনৰ ভোট লাভৰ স্বাৰ্থতে এনেধৰণে অসমলৈ কেন্দ্ৰীয় নেতৃত্বই ঢাপলি মেলিছে নেকি? বুলি প্ৰশ্ন কৰে ৰাইজৰ দলৰ সম্পাদক জিতুল ডেকাই।

ইপিনে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসম আগমণক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। প্ৰধান মন্ত্ৰীৰ সভাত চৰকাৰী যন্ত্ৰৰ বহুল প্ৰয়োগৰ অভিযোগৰ লগতে ভয়-ভাবুকিৰে সভালৈ মানুহ আনিব বুলি গুৰুতৰ অভিযোগ কৰিছে ৰিপুন বৰাই।

ৰিপুন বৰাই কয় ‘কি কাৰণত কোকৰাঝাৰৰ পৰা জোনাইলৈকে ঢেকিয়াজুলিত প্ৰধান মন্ত্ৰীৰ সভাৰ বাবে চৰকাৰী যন্ত্ৰক ব্যৱহাৰ কৰিছে ৰাজ্য চৰকাৰে? উপায়ুক্তসকলক ব্যৱহাৰ কৰি বিভিন্ন জিলাত গাড়ী বন্দবস্ত কৰিছে। সকলো সৰ্বসাধাৰণ লোকৰ মাজত প্ৰচাৰ চলাইছে যি সভালৈ নাযায় তেওঁৰ অৰুণোদয় আঁচনিত নাম কৰ্তন কৰা হ’ব, ৰেচন কটা যাব আৰু পাবলগীয়া ২৩ হাজাৰ টকাও কৰ্তন কৰা হ’ব।‘

আনহাতে, প্ৰদেশ কংগ্ৰেছৰ মেডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাইয়ো অসমলৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সোঁত বোৱা বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বানপানীৰ সময়ত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ অসমলৈ আহিবলৈ সময় নহ’ল বুলি মন্তব্য কৰে ববিতা শৰ্মাই।

আমি পুনৰবাৰ কৈছো অসমলৈ কেন্দ্ৰীয় নেতৃত্ব অহাত আমাৰ কোনো আপত্তি নাই বা কাৰোৰে নাথাকিব। কিন্তু পূৰ্বেও অসমলৈ আহি প্ৰতিশ্ৰুতিৰ বৰ্ষা বোৱাই অনাৰ পাছতো সেয়া কেৱল প্ৰতিশ্ৰুতি হৈ থকাতহে এতিয়া কেন্দ্ৰীয় নেতৃত্বৰ নতুন প্ৰতিশ্ৰুতি শুনিবলৈ শংকিত হৈ পৰিছে অসমৰ জনসাধাৰণ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

August 16, 2025 7:37 pm
আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

August 16, 2025 7:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd