মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়, গুৱাহাটীত কৃত্ৰিম বানপানী নাইকিয়া হ’ৱ কেতিয়া?

কৃত্ৰিম বানত বুৰ গ’ল মহানগৰীৰ হাতীগাঁও, ডাউন টাউন, ৰুক্মিনীগাঁও, চুপাৰমাৰ্কেট, জু-ৰোড, চান্দমাৰী, অনিলনগৰ নবীননগৰকে ধৰি বহু অঞ্চল।

বাৰিষাৰ কৃত্ৰিম বানপানীয়ে জুৰুলা কৰা মহানগৰ গুৱাহাটীৰ আজিৰ দিনটোৰ অৱস্থা তেনেই তথৈবছ। কৃত্ৰিম বানত জীয়াতু ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে।

কিন্তু এনে অৱস্থাৰ মাজতো বিজেপিৰ প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দাবী ‘সোণোৱাল চৰকাৰৰ দিনত গুৱাহাটীৰ পৰা নোহোৱা হ’ল কৃত্ৰিম বানপানী।‘

যোৱা ২৪ আগষ্টত মন্ত্ৰীগৰাকীয়ে ৰ’পৱে সেৱা মুকলি কৰি ভাষণ প্ৰসংগত কি কৈছিল সেয়া উল্লেখ কৰিব বিচাৰিছো।

তেওঁ কৈছিল ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰ অহাৰ পাছৰে পৰা GMDA ই কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিবলৈ সক্ষম হৈছিল। জু-ৰোডৰ পানী ড্ৰাইভাৰ্ট কৰিবলৈ সক্ষম হৈছিলো। গুৱাহাটীত যদি কৃত্ৰিম বানপানী নহয় তাৰ আঁৰত সেই প্ৰকল্পৰ সফলতা লুকাই আছে। যোৱা ২০-৩০ টা দশকৰ সফলতাৰ ভিতৰত আছিল গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ নিৰাময়। আজি বম্বে আৰু দিল্লীয়েও যাৰ পৰা বাচিব পৰা নাই আমি মহানগৰখনক যোৱা তিনিটাবছৰ দুঃচিন্তাৰ পৰা অতৰাই ৰাখিব পাৰিছো।‘

এতিয়া মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিব বিচাৰিছো ‘মন্ত্ৰী মহোদয় গুৱাহাটীত কেতিয়াৰ পৰা নোহোৱা হ’ল কৃত্ৰিম বানপানী?’

আমি প্ৰশ্নটো গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীকো কৰিলোহেঁতেন যদি তেওঁ এইদৰে ক’লেহেঁতেন।

আজিৰ দিনটোতে উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পানীত বুৰ গ’ল। বিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ ভিতৰত পানী সোমোৱাৰ লগতে আগফালৰ চোতালতো একঁকাল পৰ্য্যন্ত পানী হয়। যাৰ ফলত বিদ্যালয়খনত কোভিড আতংকৰ মাজতো পাঠগ্ৰহণ কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকল হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়। কৃত্ৰিম বানত বুৰ যোৱাৰ বাবেই আজিৰ দিনটোত পাঠদান বাতিল কৰিবলগীয়া হয় বিদ্যালয়খনৰ।

ইপিনে, মন্ত্ৰী গৰাকীয়ে কিছুদিন পূৰ্বে কৰা এই দাম্ভিক মন্তব্যৰ পাছতো মহানগৰীৰ সঁচা জীয়া ছবিখন প্ৰকাশ পোৱাৰ পাছত তেওঁক লৈ ক্ষোভ উজাৰিছে সচেতন মহানগৰবাসীয়ে।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত অনিলনগৰ নিবাসী প্ৰশান্ত বৰ্মণে কয় ‘পৰিৱৰ্তনৰ চৰকাৰ আনিছিলো বহু আশা কৰি। আমি আশা কৰিছিলো কৃত্ৰিম বানপানী নোহোৱা হ’ব, খোৱা পানীৰ সমস্যা নাইকিয়া হ’ব। তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে দিয়া ইচ্ছুসমূহ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। তেওঁলোকে কৰিব কেতিয়া? সময় নাই, তেওঁলোকৰ হাতত মাথো ছয়মাহ সময় আছে।‘

‘ফটাঢোল কোবাই কোবাই চৰকাৰখন যাবলৈ হ’ল। এজাক বৰষুণতে অনিল নগৰ, নবীন নগৰেই নহয় সমগ্ৰ গুৱাহাটীত বানপানী হয়। তেওঁলোকে পাৰিলে এই সমস্যা সমাধান কৰক নহ’লে হাত দাঙি দিয়ক। বাৰিষাৰ দিনকেইটা গুৱাহাটীত থকাৰ বাসোপযোগী নহয়।‘ বৰ্মণে এইদৰে কয়।