প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

ফটো : নৰ্থ-ইষ্ট নাও

মাৰ্ঘেৰিটা সমষ্টিৰ জাগুনত এক আঁ‌চনিৰ আধাৰশিলা স্থাপন কৰিবলৈ যাওতেই দল-সংগঠনৰ প্ৰতিবাদৰ সন্মুখীন হ’ল সমষ্টিটোৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মা।

দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদত আধাৰশিলা স্থাপন নকৰাকৈয়ে আদবাটৰ পৰাই উভতিল বিধায়ক ভাস্কৰ শৰ্মা।

উল্লেখ্য যে, ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই শেহতীয়াকৈ উগ্ৰ সাম্প্ৰদায়িক ভাষণ দি বৃহত্তৰ অসমীয়া জাতিৰ সম্প্ৰীতিত আঘাত হনা কাৰ্যৰ বিৰুদ্ধে শেহতীয়াকৈ অধিক উত্তাল হৈ পৰিছে মাৰ্ঘেৰিটাৰ ৰাজনীতি।

বিধায়ক ভাস্কৰ শৰ্মাৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে সমষ্টিবাসী ৰাইজ, দল-সংগঠন সকলোৱে ধিক্কাৰ জনোৱাৰ লগতে অনতি পলমে বিধায়ক ভাস্কৰ শৰ্মাক ক্ষমা খুজিবলৈ দাবী জনাইছিল যদিও, বিধায়ক ভাস্কৰ শৰ্মাই দল সংগঠন ৰাইজক বুঢ়া আঙুলি দেখোৱাই কালৈকো কেৰেপ কৰা নাছিল।

যাৰ ফলশ্ৰুতিত এতিয়া ৰাজপথলৈ ওলাই আহিছে মাৰ্ঘেৰিটাৰ দল-সংগঠন।

আজি জাগুনত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ স্থানৰ আধাৰশিলা স্থাপনৰ বাবে বিধায়কগৰাকী যাবলৈ ওলাওতেই খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ দহৰো অধিক দল-সংগঠনে উত্তাল কৰি তোলে পৰিস্থিতি।

কেওটা সংগঠনৰ কৰ্মীসকলে ভাস্কৰ শৰ্মা মুৰ্দাবাদ, ভাস্কৰ শৰ্মা হায় হায়, মাৰ্ঘেৰিটাত বিভাজন নীতি নচলিব আদি শ্লোগানেৰে উত্তাল কৰি তোলে অঞ্চলটোৰ আকাশ বতাহ।

যাৰ ফলত বিধায়ক ভাস্কৰ শৰ্মাই উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণৰ পৰা বিৰত থাকে।

ইফালে প্ৰতিবাদকাৰীসকলে বিধায়ক ভাস্কৰ শৰ্মাই কৰা অসমীয়া বিৰোধী মন্তব্যত ক্ষমা নোখোজা পৰ্যন্ত ক্ষান্ত নহও বুলি স্পষ্ট কৰি দিয়াৰ লগতে ভাস্কৰ শৰ্মাই ক্ষমা নুখুজিলে সমষ্টিটোত সভা-সমিতি অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰিব বুলি সকিয়াই দিয়ে।