মাৰ্ঘেৰিটা নগৰৰ আবাসীক অঞ্চলত জিঅ’ বুষ্টাৰ টাৱাৰ স্থাপনক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া

ফটো : নৰ্থ-ইষ্ট নাও

ঘন জনবসতিপূৰ্ণ অঞ্চলত মোবাইল টাৱাৰ স্থাপনে জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনে ভাবুকি। কিন্তু ইয়াৰ পাছতো স্থাপন হৈ আহিছে জনবসতিপূৰ্ণ অঞ্চলত মোবাইল টাৱাৰ।

জনস্বাস্থ্যৰ ক্ষেত্ৰত এই মোবাইল টাৱাৰে যথেষ্ট ক্ষতিকাৰক বুলি জানিও কেনেকৈ অনুমতি লাভ কৰে সেইয়াহে চিন্তনীয়।

ইয়াক কেন্দ্ৰ কৰি আজি মাৰ্ঘেৰিটাৰ বালুখাদত এটি মোবাইল টাৱাৰ স্থাপনকলৈ উত্তপ্ত পৰিস্থিতি পৰিৱেশৰ সৃষ্টি হয়।

মাৰ্ঘেৰিটা বালুখাদ অঞ্চলৰ ব্যৱসায়ী প্ৰমোদ কুমাৰ শ্বাহ নামৰ ব্যক্তিজনে নিজ গৃহৰ ওপৰত জিঅ’ বুষ্টাৰ টাৱাৰ স্থাপন কৰাত অঞ্চলটোৰ পুৰুষ মহিলা সকল ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হয়।

ৰাইজৰ অভিযোগ যে আবাসীক তথা ৩ খনকৈ বিদ্যালয় থকা এলেকাত মাৰ্ঘেৰিটা নগৰ সমিতিয়ে কিদৰে ৰাইজৰ পৰা আপত্তিবিহীন স্বাক্ষৰ নোলোৱাকৈ টাৱাৰ বহাবলৈ অনুমতি দিলে।

ক্ষুব্ধ স্থানীয় ৰাইজে মাৰ্ঘেৰিটা মহকুমাধিপতিক ফোনযোগে অভিযোগ দিয়াও পৰিলক্ষিত হয়।

এইক্ষেত্ৰত প্ৰশাসনে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।