‘কা’ বিৰোধিতাৰে ভোগালী বিহুক উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে নগাঁৱৰ চাপানালাবাসীয়ে

সমাগত ভোগালী বিহু। নাগৰিকত্ব (সংশোধন) আইনক লৈ সমগ্ৰ ৰাজ্যখনৰ পৰিৱেশ উত্তাল হৈ আছে যদিও তাৰ মাজতে অসমীয়াৰ চেনেহৰ ভোগালী বিহুটোক আদৰাৰ ব্যাপক প্ৰস্তুতিও চলাইছে ৰাজ্যবাসীয়ে।

ভোগালী বিহুৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজে ‘কা’ বিৰোধী আন্দোলনো চলাই নিয়াৰ ব্যৱস্থা কৰিছে। সমান্তৰালভাৱে নগাঁও জিলাৰ চাপানালাৰ নিকটৱৰ্ত্তী জামুকতলতো ৰাইজে ভোগালী আদৰিবলৈ সাজু হৈছে।

জামুকতলবাসীয়ে সম্প্ৰতি ৰাজ্যৰ সৰ্বত্ৰে চলি থকা ‘কা’ বিৰোধী আন্দোলনক উপস্থাপনেৰে নিৰ্মাণ কৰিছে এক ব্যতিক্ৰমী ভেলাঘৰ। বাৰিৰ বাঁহ আৰু পথাৰৰ পৰা নৰা কাটি গাঁওবাসীয়ে অসমৰ এখন বিশাল মানচিত্ৰৰ লগতে প্ৰতিবাদী তিনিজনকৈ লোকৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি এইবাৰৰ বিহুটিক ব্যতিক্ৰমী ৰূপত উপস্থাপন কৰাৰ চেষ্টা চলাইছে।

যোৱা ৬ জানুৱাৰীৰ পৰা অত্যধিক তৎপৰতাৰে আৰম্ভ কৰা ব্যতিক্ৰমী ভেলাঘৰটিৰ নিৰ্মাণৰ কাম ১০ জানুৱাৰি নিশাৰ ভিতৰত সুকলমে সমাপন হয়।

উল্লেখযোগ্য যে এইবাৰৰ দৰে যোৱা ২০১৮ বৰ্ষতো অজিত গগৈ নামৰ একেজন স্থানীয় শিল্পীৰ প্ৰচেষ্টাত গাওঁখনৰ ৰাইজে অতি প্ৰশংসনীয় ৰূপত আমেৰিকাৰ দ্বৈত স্তম্ভ স্বৰূপ বাণিজ্যিক কেন্দ্ৰত সন্ত্ৰাসবাদীয়ে চলোৱা ভয়ংকৰ আক্ৰমণক সুনিপুণভাৱে উত্থাপন কৰি শিল্পীগৰাকীৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল অসমবাসীৰ পৰা।