নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে হাফলঙত প্ৰতিবাদী সমদল

IMG20191216113659

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সোমবাৰে হাফলঙত প্ৰতিবাদ। ফটো: নৰ্থইষ্ট নাও

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সোমবাৰে হাফলঙত প্ৰতিবাদী সমদল উলিয়ায় অল ডিমাচা ষ্টুডেন্ট য়ুনিয়নকে ধৰি ডিমাচা উইমেন ছচাইটি আৰু ডিমাচা মাডাৰ্চ এছ’চিয়েছনে। এই প্ৰতিবাদত পৰোক্ষভাৱে সহযোগ কৰে ডিমা হাচাও কংগ্ৰেছে।

প্ৰতিবাদী সমদলটো হাফলং ফিল্ডৰ পৰা ওলাই সম্বুধন ৰ’টাৰি আৰু চিনোড ৰ’টাৰি হৈ চহৰৰ ৰাজপথ পৰিক্ৰমা কৰি জিলা উপায়ুক্ত কাৰ্যালয় চৌহদৰ সম্মুখেৰে গৈ পৰিষদ ৰটাৰি পাৰ হৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত সামৰণি পৰে।

হাতে হাতে প্লেকাৰ্ড লৈ সহস্ৰাধিক পুৰুষ-মহিলা, যুবক-যুবতীসকলে সমদলত ভাগ লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠে।

প্ৰতিবাদকাৰীসকলে কোনো কাৰণতেই নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হ’বলৈ দিয়া নহ’ব বুলি কেন্দ্ৰীয় চৰকাৰক সকীয়নি দিয়ে।

তদুপৰি ‘বিজেপি চৰকাৰ গো ব্যাক’, ‘অমিত শ্বাহ গো ব্যাক’,’অসমত দিল্লী চৰকাৰৰ গুণ্ডাগিৰি নচলিব ‘ ইত্যাদি শ্ল’গান দিয়ে প্ৰতিবাদকাৰীসকলে।

সমদলত হাফলঙৰ কংগ্ৰেছ পৰিষদ সদস্য ড্যানিয়াল লাংথাচা,গৰমপানীৰ কংগ্ৰেছ পৰিষদ সদস্য জে এছ দ্ৰুঙ,কংগ্ৰেছ নেতা জুৱেল চেংগুইন, ডিমাচা উইমেন ছচাইটিৰ কেন্দ্ৰীয় কমিটিৰ সভানেত্ৰী ৰিংমিলা হোজাই ,আডছুৰ সাধাৰণ সম্পাদক পৃথ্বীৰাজ হোজাই আদিয়ে অংশ গ্ৰহণ কৰে।

প্ৰতিবাদী সমদলত নেতৃত্ব দিয়া ডিমাচা উইমেন ছচাইটিৰ সভানেত্ৰী ৰিংমিলা হোজাইয়ে কয়,’কেন্দ্ৰীয় চৰকাৰৰ অসম বিৰোধী ষড়যন্ত্ৰৰ স্বৰূপ হৈছে নাগৰিকত্ব সংশোধনী আইন। এই আইনৰ যোগেদি চৰকাৰে অবৈধ বাংলাদেশীক অসমত জাপি দিব বিচৰাটো কেতিয়াও মানি লোৱা নহ’ব।

অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চ লৈ অহা হিন্দু বা মুছলমান সকলক নাগৰিকত্ব দিয়া হ’ব। ইয়াৰ পাছত অহা সকল বিদেশী। কিন্তু মোদি চৰকাৰে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ ভাৰতলৈ পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ অহা হিন্দু, খৃষ্টান, বৌদ্ধ, জৈন আৰু শিখ ধৰ্মৰ লোক সকলক নিচৰ্তভাৱে ভাৰতীয় নাগৰিকত্ব দিয়াৰ কাৰনে এই আইন প্ৰনয়ন কৰিছে।

তেওঁ কয় যে ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ উপৰি পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদ এইক্ষেত্ৰত নিমাত। আনহাতে, ডিমা হাচাও জিলাত চৰকাৰে ডিটেনশ্যন কেম্প স্থাপন কৰাৰ কাৰনে প্ৰচেষ্টা অব্যাহত ৰাখিছে। যি কেতিয়াও বাস্তৱায়িত হবলৈ দিয়া নহ’ব।

ৰিংমিলায় জাতি ধ্বংসকাৰী নাগৰিকত্ব আইন প্ৰত্যাহাৰৰ উপৰি ডিমা হাচাও জিলাত ইনাৰ লাইন পাৰ্মিট (আইএলপি) ব্যৱস্থা চালু কৰাৰ দাবী জনায়। অন্যথা এই আইনৰ বিৰুদ্ধে ডিমা হাচাও জিলাত বৃহত্তৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়াই দিয়ে।

ৰিংমিলাই আৰু স্পষ্ট কৰি দি কয় যে প্ৰয়োজনত আৰক্ষীৰ গুলি খাবলৈ সাজু আছোঁ। কিন্তু আইন কাৰ্যকৰী হ’বলৈ দিয়া নহ’ব।